নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰ সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ হিচাপে কৃষ্ণকান্ত নাথৰ অভিষেক

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল ঐতিহাসিক ভৱানীপুৰ সত্ৰ। উল্লেখ্য, সুদীৰ্ঘ চাৰিশ বছৰৰ পিছত আজি ঐতিহাসিক সত্ৰখনত সত্ৰ পৰিচালনা সমিতিয়ে প্ৰথমগৰাকী সত্ৰাধিকাৰ নিযুক্তি দিয়ে। আনহাতে আজি সত্ৰাধিকাৰ গৰাকীৰ অভিষেক অনুষ্ঠান উপলক্ষে আজি সমগ্ৰ ভৱানীপুৰ অঞ্চলতে হৰিনামৰ মধুৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়। উল্লেখ্য, ভৱানীপুৰৰ ভৰালী-মাজহাটীৰ বাসিন্দা তথা সত্ৰখনৰ একান্ত সেৱক কৃষ্ণকান্ত নাথক সত্ৰখনৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ হিচাপে নিৰ্বাচিত কৰাৰ পাছতেই আজি পুৱা ১০ বজাত ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াকলৰ লগতে আই-মাতৃ আৰু বাপ-বান্ধৱ সমন্বিতে ভৱানীপুৰ অঞ্চলৰ বিভিন্ন হাটীসমূহৰ সহস্ৰাধিক লোকে সত্ৰীয়াগৰাকীৰ বাসগৃহত উপস্থিত হৈ ফুলৰ মালা আৰু গামোচাৰে আদৰণি জনায় আৰু হৰিনাম গাই শোভাযাত্ৰাৰে সৈতে নৱনিযুক্ত সত্ৰাধিকাৰ গৰাকীক সত্ৰ চৌহদলৈ পদযাত্ৰাৰে সৈতে আদৰি আনে।পুৱা ১১ বজাত সত্ৰৰ মূল প্ৰবেশদ্বাৰৰ সম্মুখত উপস্থিত হোৱাৰ পিছতেই নৱনিযুক্ত সত্ৰাধিকাৰ গৰাকীক সত্ৰখনৰ মূল উপাসনাস্থলীলৈ আদৰি নিয়া হয় আৰু সত্ৰখনৰ বৰনামঘৰৰ ভিতৰৰ নিৰ্দিষ্ট আসনত সত্ৰাধিকাৰ গৰাকীক অধিষ্ঠিত কৰোৱাৰ পিছতে সত্ৰৰ ভকতসকলে নাম-প্ৰসংগত অংশগ্ৰহণ কৰে।ইয়াৰ পাছতেই বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম দাস, সুন্দৰীদিয়া সত্ৰৰ ডেকা সত্ৰীয়া নিৰ্মল অধিকাৰী আৰু গুৱাগাছা সত্ৰৰ সত্ৰীয়া টিকেন্দ্ৰজিৎ অধিকাৰীয়ে নৱনিযুক্ত সত্ৰাধিকাৰ গৰাকীক ফুলৰ তোড়াৰে সম্ভাষণ জনোৱাৰ পিছতেই অঙ্গবস্ত্ৰ পৰিধান কৰোৱায়।ইয়াৰ পিছতেই তিনিওগৰাকী সত্ৰাধিকাৰে বিশুদ্ধ সত্ৰীয়া নীতি- নিয়মৰ জৰিয়তে নিজকে ঈশ্বৰ প্ৰাপ্তিৰ বাবে উপযুক্ত কৰি তোলাৰ লগতে কেনেদৰে সমাজৰ হিত সাধন কৰিব পাৰি,সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পিছতেই ‘ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই’ সত্ৰাধিকাৰ গৰাকীক ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰোৱা হয় আৰু অভিষেক অনুষ্ঠান সম্পন্ন কৰা হয়।আনহাতে অভিষেক অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতেই নৱনিযুক্ত সত্ৰাধিকাৰ গৰাকীয়ে ‘ভগৱন্ত প্ৰাপ্তিৰ পুণ্যস্থলী’ ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰৰ পদ অলংকৃত কৰিবলৈ পাই ধন্য হোৱা বুলি জানিবলৈ দিয়ে। সত্ৰখনিৰ সৈতে পূৰ্বৰে পৰাই তেওঁ জড়িত আৰু ৰাইজৰ অনুৰোধলৈ সন্মান জনাই ‘সত্ৰাধিকাৰ’ৰ দৰে স্থানত অধিষ্ঠিত হোৱা বুলি জানিবলৈ দিয়ে।সত্ৰ পৰিচালনাৰ ক্ষেত্ৰত তেওঁ ভক্তিপ্ৰাণ ৰাইজৰ সহযোগ কামনা কৰে।সত্ৰ পৰিচালনা সমিতিৰ মুখ্য সম্পাদক পংকজ চৌধুৰীয়েও ভৱানীপুৰবাসী ৰাইজলৈ ভক্তি সেৱা নিবেদন কৰে আৰু নৱনিযুক্ত সত্ৰাধিকাৰ গৰাকীৰ দীৰ্ঘায়ু কামনা কৰে।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like