নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যত বৃদ্ধি পাইছে এইডছ ৰোগীৰ সংখ্যা৷ বিগত ২১ বছৰত (২০০২-২০২৩) ৰাজ্যত চিনাক্ত হোৱা মুঠ এইডছ আক্রান্ত ৰোগীৰ সংখ্যা ৩১,৭২৯জন৷ এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি বিধানসভাৰ মজিয়াত বিধায়িকা শিৱামণি বৰাৰ এক মৌখিক প্রশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি ২০০২ চনৰ পৰা ২০২৩ চনলৈ ৮৯,৮৪,৫১৯জন লোকৰ পৰীক্ষা কৰা হৈছিল৷ এই পৰীক্ষাসমূহৰ পৰা ৩১,৭২৯জন ৰোগী চিনাক্ত কৰা হৈছে৷ শেহতীয়াকৈ এইডছ আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০২৩ চনৰ ডিচেম্বৰত ৯,৯০,৩৭২ জন লোকৰ শৰীৰত পৰীক্ষা কৰা হৈছিল৷ ইয়াৰে ৫,৭৯১জন লোকৰ শৰীৰত এইডছ ধৰা পৰিছে৷ প্রশ্ণোত্তৰৰ সৈতে দাখিল কৰা তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাত সর্বাধিক ৮৯৬০ জন লোক এইডছ আক্রান্ত৷ তদুপৰি বাক্সাত ১০৯, বিশ্বনাথত ১২২, বৰপেটাত ৭০৬, বঙাইগাঁৱত ৫৯৯, কাছাৰত ৫৮২৩, চৰাইদেউত ১১, চিৰাঙত ৭১, দৰঙত ২৫২, ধেমাজিত ২০০, ধুবুৰীত ৬০০, ডিব্রুগড়ত ১৭৩৬, ডিমা হাছাওত ১৯৬, গোৱালপাৰাত ২৮৫, গোলাঘাটত ৮৮৮, হাইলাকান্দিত ২৪১, হোজাইত ৪৫৬, যোৰহাটত ১১০৮, কার্বি আংলঙত ৮৪২, কামৰূপত ৬৭৪, কোকৰাঝাৰত ৩৭৭, কৰিমগঞ্জত ১০৬৩, লখিমপুৰত ২৭৪, মাজুলীত ৮, মৰিগাঁৱত ৪৯৪, নগাঁৱত ৩০৪৯, নলবাৰীত ২৯০, শিৱসাগৰত ৪২০, শোণিতপুৰত ৯৫৯, তিনিচুকীয়াত ৭০২, ওদালগুৰিত ৮৪ আৰু পশ্চিম কার্বি আংলঙত ১৩০জন লোক এইডছ আক্রান্ত৷ তেওঁ প্রকাশ কৰা অনুসৰি ৰাজ্যত এইডছ আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হৈছে বেজীৰ জৰিয়তে একাংশ লোকে ড্রাগছৰ দৰে নিচাসক্ত দ্রব্য গ্রহণ কৰাৰ বাবে৷ সমান্তৰালভাৱে এই ভয়াৱহ ৰোগবিধৰ সংক্রমণ ৰোধ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে বহুকেইটা বেচৰকাৰী সংস্থাক দায়িত্ব অর্পণ কৰা হৈছে৷