নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত গছৰ পৰা পৰি যুৱকৰ মৃত্যু

বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰী : চৰাইদেউৰ সোণাৰি থানাৰ অন্তৰ্গত ৰতনপুৰত গছ কাটি থাকোঁতে গছৰ পৰা পৰি এজন যুৱকৰ অকাল মৃত্যু ঘটাত অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে অঞ্চলটোৰ গোপাল মুণ্ডা নামৰ যুৱকজনে আজি পুৱা নিজৰ বাৰীত গছ কাটি থাকোঁতে গছৰ পৰা পিছলি পৰি প্ৰথমাৱস্থাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। আহত যুৱকজনক ততালিকে চৰাইদেউ জিলা চিকিৎসালয়লৈ অনা হয় যদিও লোকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু আদ বাটতেই যুৱকজনৰ মৃত্যু হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like