নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত মিছনেৰীৰ আগ্ৰাসনৰ বিৰুদ্ধে তীব্ৰ অভিযান

বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো আৰম্ভ হৈছে মিছনেৰী আগ্ৰাসনৰ বিৰুদ্ধে অভিযান। জিলাখনৰ একাংশ মিননেৰীয়ে অতি কৌশলৰে দুখনকৈ জাতিগত প্ৰমাণ পত্ৰ লৈ চৰকাৰী সুবিধা লৈ থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতেই আৰম্ভ হৈছে এই অভিযান। আদিবাসী/চাহ জনগোষ্ঠী প্ৰমান পত্ৰৰ ওপৰিও সংখ্যালঘু প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি দুয়োটা বিভাগৰ পৰা সুবিধা আদায় কৰি অহা ব্যক্তি আৰু পৰিয়ালৰ বিৰুদ্ধে চলোৱা অভিযানে প্ৰকৃত তথ্য উন্মোচনত কিমান সফল হব যথাসময়ত স্পষ্ট হব। অৱশ্যে অতি কৌশল পূৰ্ণ পদ্ধতিৰে জিলাখনৰ মিছনেৰী অধ্যুষিত অঞ্চলত চলোৱা অভিযানৰ সময়চোৱাত উন্মোচন হৈ নতুন কৈ ধৰ্মান্তকৰণ হোৱা ব্যক্তি আৰু পৰিয়ালৰ সংখ্যা। যি সকল ব্যক্তিয়ে নতুন মিছনেৰী ধৰ্মান্তকৰণ হৈছে তাৰ অধিক সংখ্যৰ হাতত আছে অ. বি.চি.ৰ প্ৰমান পত্ৰ। ইমানে নতুনকৈ ধৰ্মান্তকৰণ হোৱা পৰিয়ালক ধৰ্মান্তকৰণ কৰা প্ৰচাৰক সকলে সংখ্যালঘু’ৰ প্ৰমান পত্ৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি জিলাখনৰ একাংশ ধৰ্মান্তকৰণ হোৱা পৰিয়ালে সংবাদ মাধ্যমক জানিবলৈ দিছে। অ.বি.চি ত কৈ সংখ্যালঘুৰ প্ৰমাণ পত্ৰত চৰকাৰৰ অধিক সুবিধা আছে বুলি ধৰ্ম প্ৰচাৰক সকলে নতুনকৈ ধৰ্মান্তকৰণ হোৱা পৰিয়ালক পতিয়ন নিজক সংখ্যলঘু’ বুলি পৰিছয় নিদি অ.বি.চিৰ প্ৰমাণ পত্ৰৰে চৰকাৰী সুবিধা লৈ থকা বুলি উঠা অভিযোগক জিলাখনত সংখ্যালঘু মিছনেৰী ধৰ্মান্তকৰণ হোৱা ব্যক্তি সকলে অদ্যপৰিমীত খণ্ডন কৰিব পৰা নাই। প্ৰধানকৈ আদিবাসীসকলক লক্ষ্য কৰি ধৰ্মান্তকৰণ কৰা মিছনেৰী এজেন্ট সকলৰ প্ৰলোভনত ভৰি দিছে জিলাখনৰ অধিক সংখ্যক বাগিচাৰ শ্ৰমিক। যিসকলে অ.বি.চি. কি সংখ্যালঘু কি একো বুজি নাপায়। তেনে শ্ৰেণী সহজ – সৰল শ্ৰমিকক মিছনেৰী এজেন্ট সকলে প্ৰলোভিত কৰি ধৰ্মান্তকৰণ কৰাতেই ক্ষান্ত নাথাকি বিজেপি বিৰোধী পৰিবেশ সৃষ্টি কৰাত উদগণি যোগাইছে। মিছনেৰী এজেন্টৰ জালত কেৱল আদিবাসী চাহ জনগোষ্ঠীয়েই নহয় জিলা খনৰ নাফুক গাঁওৰ বহুকেইটা পৰিয়াল ধৰ্মান্তকৰণ হোৱা তথ্য পোহৰলৈ আহিছে। চাহ বাগিচা , গ্ৰাম্যাঞ্চলত মিছনেৰী আগ্ৰাসনৰ পৰিসংখ্যা দিনক দিনে বাঢ়িব ধৰাত চৰকাৰে নতুনকৈ ধৰ্মান্তকৰণ হোৱা পৰিয়ালৰ তথ্য সংগ্ৰহ অভিযান আৰম্ভ কৰে। নতুনকৈ ধৰ্মান্তকৰণ হোৱা পৰিয়ালৰ ওপৰত চৰকাৰে পৰ্যবেক্ষণ চলাই চৰকাৰৰ পৰা লাভ কৰা সকলোবোৰ সুবিধা কৰ্তন কৰাৰ বিবেচনা কৰিব বুলি কৰা মন্তব্যক লৈ জিলা খনত তুমুল প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ইয়াৰ ওপৰিও ধৰ্মান্তকৰণ কৰাত উৎসাহিত কৰা সকলৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হব বুলি কৰা মন্তব্যয়ে জিলাখনত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে। প্ৰধানকৈ দুখনকৈ জাতিগত প্ৰমাণ পত্ৰ লোৱা সকলে যিকোনো এটাৰ হে সুবিধা পোৱাতো নিশ্চিত হৈছে। যদি সংখ্যালঘুৰ তালিকাত আছে তেন্তে অ.বি.চি’ৰ পৰা নাম কৰ্তন কৰা হব।

প্ৰেৰক দীপাংকৰ পাল

You might also like