নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউচিচি উত্থাপনৰ প্রস্তুতি অসম চৰকাৰৰ

ইউচিচি-বহু বিবাহবিৰোধী বিধেয়ক দুখনক লৈ বিশেষজ্ঞ কমিটীয়ে চলাই আছে পৰীক্ষা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ বহু বিবাহ আইনীভাৱে নিষিদ্ধ কৰাৰ প্রক্রিয়া চলি থকাৰ সময়তে এইবাৰ ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি (ইউচিচি) বিধেয়ক বিধানসভাত উত্থাপনৰ চিন্তাচর্চা আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ এই সন্দর্ভত এক ইংগিত প্রদান কৰি প্রকাশ কৰিছে যে ইউচিচি বিধেয়কৰ লগত সংগতি ৰাখি এখন নতুন আইন অনাৰ বাবে ৰাজ্য চৰকাৰে চিন্তাচর্চা অব্যাহত ৰাখিছে৷ সোমবাৰে বিধাসভা প্রাংগনত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে এই ইংগিত প্রদান কৰি কয় যে ইউচিচিয়ে সকলো ভাৰতীয় নাগৰিকৰ বাবে এক উমৈহতীয়া আইনৰ কথা সূচাইছে৷ ইয়াৰ জৰিয়তে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ স্বত্ত্ব আদিৰ ক্ষেত্রত পুৰুষ-মহিলা সকলোৱে সমান অধিকাৰ লাভ কৰিব৷ কিন্তু এই ইউচিচিৰ পূর্বে অসমে বহু বিবাহবিৰোধী বিধেয়কৰ ওপৰত কাম কৰি আছে৷ বহু বিবাহ বিৰোধী খচৰা আইনখনৰ সৈতে ইউচিচিৰ যথেষ্ট মিল আছে৷ বিধানসভাত ইউচিচি উত্থাপন কৰিলে ই বহু বিবাহবিৰোধী আইনৰ লগত সংঘাতৰ সৃষ্টি কৰিব নেকি, সেই দিশতো এদল বিশেষজ্ঞ কমিটীয়ে পৰীক্ষা কৰি আছে৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে ইউচিচিয়ে বহু বিবাহক এক সাধাৰণ অপৰাধ হিচাপে গণ্য কৰে৷ ইয়াৰ বিপৰীতে বহু বিবাহ আইনৰ জৰিয়তে ৰাজ্য চৰকাৰে ইয়াক ফৌজদাৰী অপৰাধ হিচাপে গোচৰ ৰুজু কৰাৰ ব্যৱস্থা ৰাখিব বিচৰা হৈছে৷ যিহেতু এখন দেশত দুখন ভিন্ন আইন বলৱৎ নহয়, সেয়েহে চৰকাৰে বহু বিবাহ বিৰোধী বিধেয়কখন এই মুহূর্তত উত্থাপন কৰিব বিচৰা নাই৷ এই সন্দর্ভত সকলো দিশ পর্যালোচনা কৰি থকা হৈছে৷ মন কৰিবলগীয়া যে বিজেপি শাসিত উত্তৰাখণ্ড বিধানসভাই যোৱা সপ্তাহত ইউচিচি বিধেয়কখন গৃহীত কৰিছিল৷ ইউচিচি গৃহীত কৰা উত্তৰাখণ্ডই হ’ল দেশৰ প্রথমখন ৰাজ্য৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্য চৰকাৰে বহু বিবাহবিৰোধী আইনখন ইউচিচিৰ সৈতে সংলগ্ণ কৰি ইয়াক উত্থাপন কৰা আইনী দিশসমূহো পর্যালোচনা কৰি আছে৷ ইফালে অসম বিধানসভাৰ এক সূত্রই প্রকাশ কৰা অনুসৰি চলিত বাজেট অধিৱেশনৰ সময়তে ৰাজ্য চৰকাৰে ইউচিচি বিধেয়ক উত্থাপনৰ যথেষ্ট সম্ভাৱনা আছে৷ সেইক্ষেত্রত আইনী বিভাগৰ সৈতেও সকলোধৰণৰ আলোচনা সম্পূর্ণ কৰা হৈছে৷ লক্ষণীয় যে ৰাজ্যিক কেবিনেটে ইতিমধ্য ইউচিচি আৰু বহু বিবাহবিৰোধী আইনৰ সন্দর্ভত যথেষ্ট আলোচনা কৰিছে৷ আনকি মুখ্যমন্ত্রী ড০ শর্মাই বিধানসভা অধিৱেশনৰ সময়তে বিজেপি আৰু মিত্রজোঁটৰ বৈঠকত এই আইন দুখনৰ সন্দর্ভত বিস্তৃত ব্যাখ্যা বিধায়কসকলৰ সন্মুখত দাঙি ধৰিছিল৷ এনেবোৰৰ মাজতে ৰাজ্য চৰকাৰে যোৱা ১০ ফেব্রুৱাৰীত যাদুকৰী চিকিৎসা পদ্ধতি তথা বেজালি নিষিদ্ধ কৰাৰ বাবে এক প্রস্তাৱ গ্রহণ কৰে৷ সেই অনুসৰি চলিত বিধানসভা অধিৱেশনতে ৰাজ্য চৰকাৰে উত্থাপন কৰিব আছাম হিয়েলিং বিল৷ এই বিধেয়কখনৰ জৰিয়তে যাদুকৰী চিকিৎসা, বেজালি সম্পূর্ণভাৱে নিষিদ্ধ কৰাৰ লগতে এই জৰা–ফুকা অথবা বেজালিৰ লগত জড়িত লোকক কাৰাদণ্ড আৰু জৰিমণা বিহাৰো ব্যৱস্থা কৰা হৈছে৷

You might also like