নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত থাকি বিজেপিক সমৰ্থন কমলাক্ষ-বসন্তৰ

🔹 যিকোনো মুহূৰ্ততে বিজেপিত যোগদানৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন সমাগত। কংগ্ৰেছ দলটোত অথন্তৰৰ অন্ত নোহোৱা হৈছে। দলটোৰ আভ্যন্তৰীণ কন্দলে দলটোৰ তৃণমূল কৰ্মীৰ মনোবল হ্ৰাস কৰা পৰিলক্ষিত হৈছে। আজি বিধানসভা অধিৱেশন চলি থকাৰ সময়তে কংগ্ৰেছৰ দুই বিধায়কে বিস্ফোৰণ ঘটায়। দলটোৰ দুই বিধায়ক কমলাক্ষ পুৰকায়স্থ আৰু বসন্ত দাসে কংগ্ৰেছত থাকি বিজেপিক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে। তদুপৰি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদ ত্যাগ কৰাৰ কথাও ব্যক্ত কৰে বিধায়ক কমলাক্ষ পুৰকায়স্থই। মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি আস্থা প্ৰকাশ কৰি দুই বিধায়কে বিজেপিক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পৰিপ্ৰক্ষিতত যিকোনো মুহূৰ্ততে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে দুই বিধায়কৰ।

You might also like