নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত চিকিৎসাৰ বাবে যোৱা মানকাচৰৰ ব্যক্তি নিৰুদ্দেশ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰীপাৰা প্ৰথম খণ্ড গাঁৱৰ ৫০ বছৰীয়া ব্যক্তি এজন চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে। লক্ষণীয় যে মানকাচৰৰ কাকৰীপাৰা ১ম খণ্ড গাঁৱৰ ৰঞ্জু মিঞা নামৰ লোকজনে তেওঁৰ পুত্ৰৰ লগত গুৱাহাটীলৈ গৈছিল। গণেশগুৰিস্থিত এপলো হাস্পতালত কালি চিকিৎসকক দেখুৱাইছিল। পিছত সন্ধিয়া ৭ বজাত ৰঞ্জু মিঞাৰ পুত্ৰ ফাৰিদুল ইছলামে গণেশগুৰিৰ Apollo Hospitalৰ পৰা ওলাই আহি দেউতাকক Hospitalৰ সন্মুখত ৰাস্তাৰ কাষত ৰাখি ঔষধ কিনিবলৈ ফাৰ্মাচীত গৈছিল। ১৫/২০ মিনিট পিছত ঔষধ কিনি উভতি অহাৰ পিছত ফাৰিদুল ইছলামে দেউতাকক বিচাৰি নাপায়। ইফাল-সিফালে বিচাৰ-খোঁচাৰ কৰাৰ পিছতো ৰঞ্জু মিঞাক বিচাৰি নাপাই উপায়হীন হৈ পুত্ৰ ফাৰিদুলে নিশা দিছপুৰ থানাত এখন সন্ধানহীনৰ এজাহাৰ দাখিল কৰে। জানিব পৰা মতে, এতিয়ালৈকে ৰঞ্জু মিঞাৰ কোনো শুংসূত্ৰ পোৱা নাই।
কোনো সদাশয় ব্যক্তিয়ে সন্ধানহীন ৰঞ্জু মিঞাৰ সন্ধান লাভ কৰিলে দিছপুৰ আৰক্ষী থানা নাইবা 9101127404 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like