নিয়মীয়া বাৰ্তা, ১৪ ফ্ৰেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে সাংগঠনিক ভিত্তি মজবুত কৰাৰ লক্ষ্যৰে ইতিমধ্যে গাঁৱে গাঁৱে চলোৱা ‘গাঁও চলো অভিযান’ কাৰ্যসূচীৰ জালুকবাৰীত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিটোত বিজেপি কাৰ্যকৰ্তাৰ লগতে অনুগামীসকলে প্ৰতিখন গাঁও তথা বুথত এই অভিযান চলোৱা দেখা গৈছে। সমান্তৰালকৈ মঙ্গলবাৰে জালুকবাৰী সমষ্টিৰ বেজেৰাৰ শালমাৰাত উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাৰ উপস্থিতিত গাঁও চলো অভিযান অনুষ্ঠিত কৰা হয়। বেজেৰা মণ্ডলৰ অন্তৰ্গত ৭৫টা বুথত গেৰুৱা বাহিনীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বেজেৰা মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰজ্যোতি কলিতাই জানিবলৈ দিয়ে। এই অভিযান কাৰ্যসূচীত পৰিয়াল, সামাজিক ব্যক্তি, জ্যেষ্ঠ নাগৰিকক সাক্ষাৎ কৰাৰ লগতে সভা-সমিতি অনুষ্ঠিত কৰি কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অভিলাষী আচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তথা এই ক্ষেত্ৰত জনসাধাৰণক আগবঢ়াবলৈ কিবা দিহা-পৰামৰ্শ আছে নেকি ইত্যাদি প্ৰসংগেৰে দলৰ সাংগঠনিক স্থিতি সবল কৰাৰ প্ৰচেষ্টা চলায়। এই অভিযান কাৰ্যসূচীত বুথৰ সভাপতি, সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম কোষৰ সহ আহ্বায়ক খাইৰুল আহমেদ, বেজেৰা মণ্ডল বিজেপিৰ সম্পাদক দীপাংকৰ তালুকদাৰ প্ৰাক্তন সভাপতি দিলীপ ডেকা, বেজেৰা মণ্ডলৰ উপ-সভাপতি ধনঞ্জয় ডেকা, দন্দধৰ ভূঞা, ৰঙিয়া টাউন কমিটিৰ সম্পাদক মৃগেন দাস, বেজেৰা জিলা পৰিষদৰ সদস্য অনিল ৰাজ ডেকা,যুৱ মৰ্চাৰ সম্পাদক মানবেন্দ্ৰ ডেকাৰ লগতে বিজেপি দলৰ জেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
প্ৰেৰক হীৰকজ্যোতি ডেকা