নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ সৰস্বতী পূজাৰ আনন্দ-উছাহৰ মাজতে আজি সন্ধিয়া এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি আজি সন্ধিয়া ৭ বাজি ২৩ মিনিট ১৪ ছেকেণ্ডত প্ৰায় ১৫ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৭ কম্পনাংক। আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলাৰ উত্তৰ পূৱ দিশত ১৯ কিলোমিটাৰ গভীৰতাত। অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক’তো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই। উল্লেখযোগ্য শেহতীয়াকৈ বিগত ১৫ আৰু ১৭ জানুৱাৰীত দুটাকৈ মৃদু আৰু মধ্যমীয়া প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল।