নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ মার্চৰ পৰা আইপিএল-২০২৪ আৰম্ভণিৰ সম্ভাৱনা!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ পূর্বতে লোকসভা নির্বাচনৰ বাবে আইপিএল বিদেশত অনুষ্ঠিত হোৱাৰ উদাহৰণ আছে৷ কিন্তু এইবছৰ আইপিএল দেশৰ মাটিতে অনুষ্ঠিত হ’ব৷ ২৩ মার্চৰ পৰা আৰম্ভ হ’ব পাৰে এইবাৰৰ প্রতিযোগিতাখন৷ ফাইনেল অনুষ্ঠিত হ’ব ২৬ মে’ত৷ টি-২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি প্রতিযোগিতাখন কিছু আগুৱাই অনা হৈছে৷ এইবছৰ টি-২০ বিশ্বকাপ আৰম্ভ হ’ব ১ জুনৰ পৰা৷ সেইবাবে আইপিএল এসপ্তাহ আগুৱাই দিয়া হৈছে৷ যোৱা বছৰ প্রতিযোগিতাখন আৰম্ভ হৈছিল ৩১ মার্চত৷ ফাইনেল অনুষ্ঠিত হৈছিল ২৮ মে’ত৷ অৱশ্যে বৰষুণৰ বাবে ফাইনেল খেলখন এদিন পিছত অনুষ্ঠিত হৈছিল৷ এইবাৰৰ প্রতিযোগিতাখনৰ সূচী চূড়ান্ত হ’ব লোকসভাৰ নির্বাচনৰ দিন ঘোষণাৰ পিছত৷ নির্বাচনৰ দিন ঘোষণা হ’লে হয়তো প্রয়োজন অনুসৰি দুই এখন মেচৰ তাৰিখ অথবা স্থান সলনি হ’ব পাৰে৷ ভোটৰ দিন ঘোষণাৰ ক্ষেত্রত অপ্রত্যাশিত কিবা হ’লে আইপিএলৰ সূচীৰো ব্যাপক পৰিৱর্তন হ’ব পাৰে৷ আইপিএলৰ অধ্যক্ষ অৰুণ ধুমলে আজি জনাইছে যে লোকসভা নির্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে আইপিএলৰ সূচী প্রকাশ কৰা হ’ব৷ মূলতঃ টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখিয়েই এইবাৰৰ আইপিএলৰ সূচী তৈয়াৰ কৰিছে ব’র্ডে৷ টি-২০ বিশ্বকাপ আৰম্ভ হ’ব ১ জুনৰ পৰা৷ প্রতিযোগিতাখন বিশ্বৰ পশ্চিম প্রান্ত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’ব৷ প্রায় সকলো দেশৰ অধিকাংশ ক্রিকেটাৰেই আইপিএল খেলি পোনে পোনে বিশ্বকাপ খেলিবলৈ যাব৷ ফলত ক্রিকেটাৰসকল ক্লান্ত হৈ পৰাৰ সম্ভানাও আছে৷ সেইবাবেই প্রতিযোগিতা অনুষ্ঠিত কৰাৰ সময় কিছু আগুৱাই অনা হৈছে৷

You might also like