নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্ৰদেশত ভয়ংকৰ বিস্ফোৰণ, ৪টা শিশুৰ মৃত্যু,

🔴 শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত ৪টা শিশুৰ মৃত্যু হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। লগতে মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৩জন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত অব্যাহত আছে। জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ চিত্ৰকূটত বুণ্ডেলখণ্ড গৌৰৱ মহোৎসৱ উদযাপন কৰা হৈছিল। উৎসৱ উপলক্ষে তাত বহু লোক সমৱেত হয়। আৰক্ষী সূত্ৰৰ মতে, আতচবাজী জ্বলোৱাৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ। এগৰাকী শীৰ্ষ বিষয়াৰ মতে, তিনিজন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। বিস্ফোৰণ কাণ্ডৰ লগত জড়িত বুলি সন্দেহ কৰা আন কেইবাজনো লোকৰ নামত গোচৰ ৰুজু হ’ব পাৰে। ঘটনা সন্দৰ্ভত কেইবাজনকো সোধা-পোছা কৰা হৈছে। মৃত শিশুকেইটাৰ মৰণোত্তৰ পৰীক্ষা চলি আছে। মুখ্যমন্ত্রী যোগী আদিত্যনাথে এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰি শীঘ্রে তদন্তৰ নির্দেশ দিছে৷ একে সময়তে ক্ষতিপূৰণৰ কথাও ঘোষণা কৰা হৈছে। মৃতকৰ পৰিয়ালক ৫ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব বুলি ঘোষণা কৰা হৈছে।

You might also like