অতি সোনকালে জনসাধাৰণৰ বাবে কেন্সাৰৰ ভেকচিন ! দাবী পুটিনৰ
বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন প্ৰায় প্ৰস্তুত হৈ উঠিছে। অতি সোনকালে ই জনসাধাৰণৰ বাবে আগবঢ়াব পৰা যাব। বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই দাবী কৰে। এক ভিডিঅ’ বাৰ্তাযোগে পুটিনে কয়- আমি নতুন প্ৰজন্মৰ বাবে কৰ্কট ৰোগৰ ভেকচিন প্ৰায় প্ৰস্তুত কৰি উলিয়াইছোঁ। মই আশা কৰিছোঁ যে এই ভেকচিন অতি সোনকালে মানুহৰ মাজলৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে এই ভেকচিনে কেনেধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব বা কেনেকৈ প্ৰতিৰোধ কৰিব, সেই কথা স্পষ্ট কৰা নাই পুটিনে। মন কৰিবলগীয়া যে ৰাছিয়াৰ বাহিৰেও বহু দেশ আৰু সংস্থাই বৰ্তমান কেন্সাৰৰ ভেকচিনৰ ওপৰত কাম কৰি আছে। বিশ্বৰ আন দুটা ঔষধ কোম্পানীয়েও পৰীক্ষামূলক কেন্সাৰ ভেকচিন প্ৰস্তুত কৰিছে, যাৰ ফলত ছালৰ কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা হ্ৰাস পাব বুলি অনুমান কৰা হৈছে।