নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰত বিধ্বংসী অগ্নিকাণ্ড : কেইবালক্ষ টকাৰ সা-সামগ্ৰী ভস্মীভূত

নিয়মীয়া বাৰ্তা,  ১৫,ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰীত কালি আবেলি এক বিধ্বংসী অগ্নিকান্ডত কেইবালক্ষ টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত বাতৰি অনুসৰি, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ গেৰামাৰীৰ বেল্লাল হুছেইন নামৰ লোকজনৰ ঘৰত প্ৰথমতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। পিছত জুইৰ লেলিহান শিখাই বেল্লাল হুছেইনৰ ঘৰ ভস্মীভূত কৰাৰ লগতে আনোৱাৰ হুছেইন, ছৰিফুল ইছলাম আৰু আব্দুল কৰিম শেখৰ ঘৰ-দুৱাৰ নিমিষতে ভস্মীভূত হয়। এই অগ্নিকান্ডৰ ফলত স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে আৰু ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত  আৰক্ষী আৰু স্থানীয় ৰাইজৰ লগতে পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই অগ্নিকান্ডত পৰিয়ালকেইটাৰ আন আন সা-সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী
You might also like