শৈক্ষিক বিকাশৰ ক্ষেত্রত ভ্রমণৰ গুৰুত্ব অসীমঃ বিশ্বজিৎ পেগু
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ কামৰূপ (ম) জিলা প্রশাসনৰ উদ্যোগত মঙলবাৰে পৰা গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মুখ্যমন্ত্রীৰ জ্ঞানজ্যোতি আঁচনিৰ কার্যসূচী আৰম্ভ হৈছে৷ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলৰ জ্ঞানৰ বিকাশ তথা সর্বাংগীন কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি অহা আঁচনিবোৰৰ ভিতৰত মুখ্যমন্ত্রীৰ জ্ঞানজ্যোতি আঁচনি অন্যতম৷ কেৱল বিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰত অথবা পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি শিক্ষামূলক ভ্রমণৰ জৰিয়তে ছাত্র–ছাত্রীসকলৰ জ্ঞান অন্বেষণৰ প্রতি ধাউতি বঢ়াবলৈ এই আঁচনিৰ যোগেৰে প্রয়াস চলাই অহা হৈছে৷ শৈক্ষিক বিকাশৰ ক্ষেত্রত ভ্রমণৰ গুৰুত্ব অসীম৷ উপায়ুক্তগৰাকীয়ে পুনৰ কয় যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্র–ছাত্রীসকলে এই কেইদিন পৰস্পৰৰ সমাজ–সংস্কৃতিৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰে জ্ঞানজ্যোতি আঁচনিৰ জৰিয়তে ছাত্র–ছাত্রীসকলে বিভিন্ন দিশত উপকৃত হ’ব পাৰিব বুলি উল্লেখ কৰি কয় যে ছাত্র–ছাত্রীৰ মাজত সুপ্ত হৈ থকা প্রতিভাৰ পূর্ণ বিকাশ সাধনৰ ক্ষেত্রত সকলোৱে গুৰুত্ব দিব লাগিব৷ অনুষ্ঠানত আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই পতাকা জোকাৰি ছাত্র–ছাত্রীসকলৰ শিক্ষামূলক ভ্রমণৰ কার্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে ৰাজ্যখনৰ ১৮খন জিলাৰ ১০৪৮গৰাকী ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিছে৷ অহা ২৭ ফেব্রুৱাৰীত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া জ্ঞানজ্যোতি আঁচনিৰ কার্যসূচীৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব৷