নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতৰ গাৰোগাঁও প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা

বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ বোকাখাতৰ এখন প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই চিন্তিত কৰি তুলিছে শিক্ষিত সমাজক। পশ্চিম গোলাঘাট শিক্ষা খন্ডৰ বোকাখাতৰ অন্তৰ্গত ১নং গাৰোগাঁও প্ৰাথমিক বিদ্যালয়খন ১৯৯২ চনত স্থাপন হৈছিল। কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এই বিদ্যালয়খন দীঘলীয়া সময় ভেঞ্চাৰ হৈ আছিল। পূৰ্বৰ শিক্ষয়িত্ৰীগৰাকী বিনাবেতনে অৱসৰপ্ৰাপ্ত হ’ল। বৰ্তমানৰ শিক্ষয়িত্ৰী জোনমণি ৰবিদাসক চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দিলে যদিও বিদ্যালয়খন প্ৰাদেশিকৃত নহ’ল। বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ সংখ্যা ৩৮গৰাকী যদিও পাঁচটা শ্ৰেণীত এগৰাকী শিক্ষক। ছাত্র-ছাত্রী ৮০ শতাংশ গাৰো জনজাতিৰ। স্কুলখন চৰকাৰীকৰণ নোহোৱা বাবে বিদ্যালয়গৃহৰ বাঁহৰ খুটা বেৰ ভগাছিগা হৈ আছে৷ আনকি টয়লেটৰ ব্যৱস্থাও নাই। বিগত বৰ্ষৰ পৰা মধ্যাহ্ন ভোজন, বিনামূলীয়া ঐক্যসাজ, বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰি দিলে। বিদ্যালয়খনৰ দুবিঘা মাটি আছে কিন্তু চৌহদৰ বেৰা নাই। স্থানীয় ৰাইজে বিদ্যালয় চৰকাৰীকৰণ কৰি পকীকৈ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।

প্ৰেৰক অমৰ শৰ্মা

You might also like