নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ পৰা গৌৰীপুৰ হৈ দিল্লীলৈ ছুপাৰফাষ্ট ৰে’লৰ চলাচল আৰম্ভ 

অভয়াপুৰী, বিলাসীপাৰা, গৌৰীপুৰ হৈ গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্ৰীবাহী ৰে’ল
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ দীৰ্ঘ সংগ্ৰাম  আৰু অপেক্ষাৰ অন্ত পেলাই কালিৰ পৰা আৰম্ভ হ’ল গুৱাহাটীৰ পৰা অভয়াপুৰী, বিলাসীপাৰা, গৌৰীপুৰ হৈ দিল্লীলৈ এখন নতুন ছুপাৰফাষ্ট যাত্ৰীবাহী ৰে’লৰ চলাচল। উল্লেখ্য যে পশ্চিমবংগৰ নিউ-ময়নাগুৰিৰ পৰা যোগীঘোপালৈ ৰে’লপথ নিৰ্মাণৰ বাবে বিগত প্ৰায় ২০ বছৰ পৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰি আহিছিল ৰে’লপথ দাবী সমিতিয়ে। প্ৰায় একুৰি বছৰ ধৰি চলা সংগ্ৰামৰ পিছত ৰে’ল পথছোৱা নিৰ্মাণ হয় যদিও নিৰ্মাণ দুবছৰ পাৰ হৈ যোৱাৰ পাছতো বিকল্প এই পথেৰে আৰম্ভ হোৱা নাছিল যাত্ৰীবাহী ৰে’লৰ চলাচল। বিগত দুবছৰে এই পথেৰে চলিছিল কেৱল  মালবাহী ৰে’ল। অৱশেষত এনএফ ৰে’ল কৰ্তৃপক্ষই  যোৱাকালিৰ পৰা এই ৰেলপথেৰে আৰম্ভ কৰে এখন সাপ্তাহিক যাত্ৰীবাহী ৰে’লৰ চলাচল৷ গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ চলাচল আৰম্ভ হোৱা অই ৰে’লখনত এচি প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীকে ধৰি শ্লিপাৰ ক্লাছ আৰু সাধাৰণ শ্ৰেণীৰ দুটা ডবাও অন্তৰ্ভুক্ত কৰা হৈছে। নামনিৰ যাত্ৰীৰ সুবিধাৰ কথা চিন্তা কৰি ৰে’ল কৰ্তৃপক্ষই কামাখ্যাৰ পৰা গোৱালপাৰা, অভয়াপুৰী, বিলাসীপাৰা, গৌৰীপুৰ, গোলকগঞ্জত ৰে’লখন  ৰখোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত স্বাভাবিকভাবেই স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। অৱশ্যে ধুবুৰী জিলাৰ চাপৰতো ৰে’লখন ৰখোৱাৰ বাবে বহুতেই দাবী জনাইছে। ইপিনে উত্তৰ পূৰ্বাঞ্চলৰ এই বিকল্প ৰে’লপথত যাত্ৰীবাহী ৰে’ল যাত্ৰাৰ প্ৰথম দিনা ৰে’লপথ দাবী সমিতিয়ে ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু গৌৰীপুৰ ষ্টেচনত ৰে’লখনৰ কৰ্মচাৰীক ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। সদ্যহতে সপ্তাত এদিন চলিবলগীয়া যাত্ৰাবাহী ৰে’লখন পিছলৈ নিয়মীয়াকৈ চলাচল কৰিব বুলি বহুতেই আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে, দেশ স্বাধীন হোৱাৰ ৭৬ বছৰ পাছত পোনপ্ৰথমবাৰৰ বাবে জিলাখনৰ বিলাসীপাৰাৰ ৰাইজে যাত্ৰীবাহী ৰে’লৰ সুবিধা লাভ কৰিলে। ইপিনে দিল্লীৰ দৰেই এই পথেৰে নিয়মীয়াকৈ কলিকতা আৰু দক্ষিণ ভাৰতলৈ ৰে’ল চলোৱাৰ বাবেও দাবী উত্থাপিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী
You might also like