নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“অতীজতো কংগ্ৰেছ দলত লবী আছিল” : সাংসদ প্ৰদ্যুত বৰদলৈ

বিশেষ বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ “মই এজন ছিটিং এম পি। কংগ্ৰেছ দলৰ এটা নিয়ম আছে, সেইটো আগৰ পৰাই চলি আছে সেয়া হ’ল যেতিয়া নিৰ্বাচন আহিব তেতিয়া ছিটিং এম পি, এম এল এসকলক পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহী নেকি সুধিব। নগাঁও লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ তিনিজনে প্ৰাৰ্থিত্ব বিচাৰিছে। গৌৰৱ গগৈয়ে কেবাটাও সমষ্টিৰ পৰা বিচাৰিছে। মই কেৱল নগাঁও সমষ্টিৰ পৰাহে বিচাৰিছো ছিটিং এম পি হিচাপে। দলৰ ওপৰত নিৰ্ভৰ কৰিব, দলে সিদ্ধান্ত ল’ব।” আজি নগাঁও আৱৰ্ত ভৱনত এক সংবাদ মেলত এই মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। তেওঁ আৰু কয়, “মই কোনো লবী কৰা মানুহ নহয়। কোনোবাই কোনোবাই কৰিব পাৰে।অতীজতো কংগ্ৰেছৰ ইতিহাসত লবী আছিল। কেতিয়াবা কোনোবা নেতাক তেওঁ লোকৰ অনুগত সকলে আগবঢ়াই নিবলৈ চেষ্টা কৰে।” বৰদলৈয়ে আৰু কয়, “মই কংগ্ৰেছ দলৰ এজন শৃংখলাবদ্ধ কৰ্মী। ১৬ বছৰ বয়সৰ পৰাই মই কংগ্ৰেছ কৰিছো। গতিকে দলীয় শৃংখলা সদায় মানি আহিছো। কেতিয়াও বেশংখলিত ভাৱে কোনো কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰো।দলেও নিশ্চিত ভাৱে মোক গুৰুত্ব দিব, সন্মান কৰিব।কিয়নো কংগ্ৰেছ দলটোৰ কাৰণে সেই ছাত্ৰ জীৱনৰ পৰাই কাম কৰি আহিছো।” দলীয় প্ৰাৰ্থীত্ব নাপালে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত সাংসদ বৰদলৈয়ে কয়, “এইবোৰ কথাৰ কোনো ভিত্তি নাই। উদ্দেশ্য প্ৰণোদিত ভাৱে মাজে সময়ে এইবোৰ কথা উলিয়াই থকা হয়। মই বিজেপিলৈ যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।টিকট নোপোৱাটোৱেই পৃথিৱী খন শেষ হৈ যোৱাটো নুবুজায়।” অসমত কংগ্ৰেছ দলৰ পৰা ইজনৰ পাছত সিজনকৈ নেতা ওলাই গৈ বিজেপিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, “কংগ্ৰেছৰ কোনো লোক দলটোৰ পৰা ওলাই যোৱাটো নিশ্চিত ভাৱে আমাৰ বাবে দুৰ্ভাগ্যজনক। কিন্তু কংগ্ৰেছ দলটোক মই বুঢ়া লুইতৰ লগত তুলনা কৰো। কংগ্ৰেছ চিৰ প্ৰৱাহমান।পুৰণি সুঁতি মৰি যাব, নতুন সুঁতিৰ সৃষ্টি হ’ব। কোনোবা গুচি গ’লেই দলটোৰ ভীষণ ক্ষতি হ’ব বুলি মই নাভাৱো। অসমৰ মুখ্যমন্ত্ৰীজনেই দেখোন কংগ্ৰেছৰ পৰা গুচি গৈ বিজেপিত যোগদান কৰিছিল, বাইশ বছৰ কংগ্ৰেছত থকাৰ পাছতো। কংগ্ৰেছ দলটোৰ গতিক কোনোবাই স্তব্ধ কৰিব পাৰিব বুলি মই নাভাৱো।” সাংসদ হিচাপে নিজকে সফল বুলি ভাৱে বুলি সংবাদ মেলত প্ৰকাশ কৰি বৰদলৈয়ে কয়,”ময়েই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম সাংসদ যি ৰিপ’ৰ্ট কাৰ্ড প্ৰকাশ কৰিছো।সংসদত সীমাবদ্ধতাৰ মাজতো মই ২৫৭টা প্ৰশ্ন কৰিছো,সাংসদ এলেকা উন্নয়ন পুঁজিৰ ৯৯.৫শতাংশ ধন ব্যয় কৰিব পাৰিছো। নগাঁৱক এডুকেশ্বন হাৱ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিছো।”আনহাতে ,নতুন যুগৰ ডিজিটেল উচ্চশিক্ষা আৰু নিযুক্তিৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি সংবাদ মেলখনত প্ৰকাশ কৰে। তেওঁ উত্তৰ-পূৱ ভাৰতৰ প্ৰতিষ্ঠিত নগাঁৱস্থিত বে-চৰকাৰী সংস্থা শ্ৰীমন্ত শংকৰ মিশ্যনৰ সহযোগত এটি ডিজিটেল প্ৰজ্ঞাসাধন কেন্দ্ৰ স্থাপন কৰাৰ কথা সদৰি কৰি কাইলৈ উক্ত কেন্দ্ৰটোৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হব বুলি সদৰি কৰে। সংসদীয় পুঁজিৰ ৫০ লাখ টকাৰ অনুদানসাপেক্ষে আৰু অইল ইণ্ডিয়া লিমিটেডে আগবঢ়োৱা চি এছ আৰৰ সমৰ্থনত শিক্ষাৰ্থীসকলৰ অধ্যয়ন আৰু আৰু গৱেষণাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ নিৰ্মাণ কৰা এই কেন্দ্ৰটোয়ে যুৱ প্ৰজন্মৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ লগতে বিভিন্ন ব্যৱহাৰিক শিক্ষা তথা ডিজিটেল শিক্ষা আদিকে ধৰি বহু ক্ষেত্ৰত উপকৃত হ’ব বুলি উল্লেখ কৰে।অত্যাধুনিক প্ৰযুক্তিগত সুবিধাযুক্ত এই কেন্দ্ৰটিৰ জৰিয়তে মধ্য অসমৰ শিক্ষাৰ্থীসকল লাভান্বিত হ’ব বুলি আশা কৰা হৈছে । তাৰোপৰি তেওঁ মধ্য অসমত শৈক্ষিক হাব হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা আছে বুলিও সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like