নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেক কটাৰ পৰিৱৰ্তে পুত্ৰৰ জন্মদিনত স্বৰচিত গ্ৰন্থ উপহাৰ

মাজদিয়াত শিক্ষক দম্পতীৰ ব্যতিক্ৰমী পদক্ষেপ
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: একমাত্ৰ মৰমৰ পুত্ৰৰ ওপজা দিনত কেক কাটি জন্মদিন পালন কৰাৰ সলনি নিজে ৰচনা কৰা দুখনকৈ গ্ৰন্থ পুত্ৰক উপহাৰ দি ওপজা দিনৰ শুভকামনা জনোৱাৰ দৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে নলবাৰী জিলাৰ বাঁহজানী সমীপৰ এহাল শিক্ষক দম্পতী। উল্লেখযোগ্য যে কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক তিলক শৰ্মা আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নী বন্দনা দেৱীৰ একমাত্ৰ পুত্ৰ শুভাংগম শৰ্মাৰ আজি ওপজা দিনৰ বিশেষ দিনটোত মাতৃ বন্দনা দেৱী ৰচিত গল্প সংকলন ‘অদাহ্য’ আৰু পিতৃ-মাতৃয়ে যুটীয়াভাবে ৰচনা কৰা ‘তুমি অহাৰ বাটেৰে এজাৰ ফুলা গধূলি’ শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰে ক্ৰমে বিশিষ্ট লেখিকা মৰমী শৰ্মা আৰু বিশিষ্ট কবি ড’ বিনয় কুমাৰ মজুমদাৰে। এই উপলক্ষে নলবাৰী জিলাৰ মাজদিয়াত লিখক, শিক্ষাসেবী দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ব্যতিক্ৰমী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মা , লিখক, সাংবাদিক ৰাজীৱ দত্ত আৰু অধ্যাপক ড০ ধনেশ্বৰ বৈশ্য। সমাজকৰ্মী ধৰ্মকান্ত শৰ্মাই বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানটিত ঘোষা পাঠ কৰে নিপুল বৰ্মনে। সমজুৱাৰ অনুভৱ ব্যক্ত কৰে ড০ সঞ্জীৱ গোস্বামী, ড০ নমিতা দেৱী, কমল নয়ন মিশ্ৰ, নিৰোদ শৰ্মা, সাংবাদিক এম মহিবৰ ৰহমান, সাংবাদিক গণেশ বৰ্মন প্ৰমুখ্যে বিভিন্নজনে। অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰন্থকাৰ তিলক শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত মনৰ অনুভৱ ব্যক্ত কৰে বন্দনা দেৱীয়ে। উল্লেখ্য যে উন্মোচনী ভাষনত দুয়োগৰাকী উন্মোচকে শিক্ষক দম্পতীৰ এনেধৰণৰ পদক্ষেপে আমাৰ সমাজৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। বিশিষ্ট অতিথিৰ ভাষনত জিতেন শৰ্মাই গ্ৰন্থ কিনা আৰু গ্ৰন্থ উপহাৰ দিয়াৰ অভ্যাস  গঢ়ি তোলাৰ বাবে উপষ্হিত সকলক আহ্বান জনায় । উল্লেখযোগ্য যে অভিজ্ঞান বৰ্মন , মৌমিতা চক্ৰৱৰ্তী মজুমদাৰ, শুভাংগম শৰ্মাৰ গীত আৰু বাঁহী বাদনে  অনুষ্ঠানটি জীপাল কৰি তোলে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like