আজি ১৯ ফেব্রুৱাৰী, ফাগুন মাহৰ ৬ তাৰিখ
সোমবাৰ : শুক্লা দশমী, নক্ষত্র : মৃগশিৰা, যাত্রা : শুভ
মেষ : আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত শুভ যদিও সৰু–সুৰা কথাত মতান্তৰ ঘটিব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷
বৃষ : কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে৷ সৰু–সুৰা অসুখে বিব্রত কৰিব৷ সন্তানৰ স্বাস্থ্যৰ প্রতি নজৰ দিব৷ প্রেমৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷
মিথুন : আর্থিকত চিন্তাৰ কাৰণ নাই৷ ব্যৱসায়–বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা৷ সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব৷ প্রেম–বিবাহ হ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
কর্কট : মনৰ অস্থিৰতাৰ বাবে কর্মত বাধাগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে৷ প্রেম–প্রীতিত শুভ দেখা যায়৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
সিংহ : আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভবা মতে নাপাব৷ ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব৷ বিদ্যাত বেয়া নহ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
কন্যা : কর্মক্ষেত্রত উন্নত ফল৷ দৃঢ়তা বৃদ্ধি পাব৷ কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল বুলি ক’ব নোৱাৰি৷ আর্থিকত বেয়া নহয়৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
তুলা : আজিৰ দিনটো উন্নত৷ শৰীৰ সম্পর্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব৷ উৎকণ্ঠাও থাকিব৷ আশা কৰা কোনো বিষয়ত সাধাৰণ প্রগতি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
বৃশ্চিক : আর্থিক সম্পর্কীয় দিশত বৰ নিশ্চিত নহয়৷ কোনো আপোন মানুহৰ যোগাযোগৰ লগতে অন্যান্যৰো সংগ লাভ কৰিব পাৰে৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬৷
ধনু : বন্ধুবর্গৰ লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে৷ সন্তান সম্পর্কে থকা চিন্তাও পাতলিব৷ কন্যা সন্তানৰ সুকীর্তি দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
মকৰ : অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে৷ গতিকে পূর্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক৷ দাম্পত্যত মধ্যম৷ ভ্রমণত কষ্ট৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
কুম্ভ : আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব৷ বিদ্যার্থীৰ বেয়া নহ’ব৷ কর্মস্থানত বাধা দেখি চিন্তিত নহ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন : শৰীৰৰ উন্নতি হ’ব৷ মনোবলো বাঢ়িব৷ কিন্তু মাত্রাধিকলৈ নোযোৱাই ভাল৷ কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব৷ ভ্রমণত বিশেষ বাধা নাই৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮৷