নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ আৰক্ষীৰ চাকৰিলৈ আবেদন ছানী লিঅ’নীৰ

🔹 নিয়োগ পৰীক্ষাৰ এডমিট কার্ডৰ ছবি ভাইৰেল ছ’চিয়েল মিডিয়াত

বিশেষ বাৰ্তা, ১৯ ফেব্রুৱাৰী : আৰক্ষীৰ নিয়োগ পৰীক্ষাত এগৰাকী পৰীক্ষার্থীৰ নাম ছানী লিঅ’নী! প্রাক্তন পর্ন তাৰকাৰ আলোকচিত্রসহ এডমিট কার্ডৰ ছবি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ যোগীৰ ৰাজ্য উত্তৰ প্রদেশত ঘটিছে এনে আশ্চর্যকৰ ঘটনা৷ উত্তৰ প্রদেশৰ আৰক্ষী চিপাহী নিয়োগ পৰীক্ষাত এনে এডমিট কার্ডক লৈ একাংশৰ মাজত চলিছে সৰস চর্চা৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, এই ৰেজিষ্ট্রেচন কৰা হৈছে উত্তৰ প্রদেশ আৰক্ষীৰ ৰিক্রুইটমেণ্ট এণ্ড প্রমোচন ব’ৰ্ডৰ ৱেবছাইটত৷ চিভিল পুলিচৰ চিপাহী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ পৰীক্ষা কেন্দ্র আছিল শ্রীমতী সোণেশ্রী মেম’ৰিয়েল গার্লছ কলেজ৷ পৰহি আছিল পৰীক্ষাৰ তাৰিখ৷ ফর্ম ফিলাপৰ বাবে যি ম’বাইল নম্বৰ ব্যৱহূত হৈছে সেয়া উত্তৰ প্রদেশৰ এগৰাকী বাসিন্দাৰ ফোন নম্বৰ৷ কিন্তু ঠিকনা দিয়া হৈছে মুম্বাইৰ৷ অৱশ্যে আৰক্ষী চাকৰিৰ বাবে আবেদন জনোৱা ছানী লিঅ’নীয়ে পৰীক্ষা দিবলৈ নাহিল৷ ইতিমধ্যে আৰক্ষীয়ে সদৰী কৰিছে যে এই এডমিট কার্ডখন ভুৱা৷ ইচ্ছা কৰিয়েই ছানী লিঅ’নীৰ নাম আৰু ছবি ব্যৱহাৰ কৰা হৈছে৷ কনৌজ আৰক্ষীৰ চাইবাৰ শাখাই বিষয়টো সন্দর্ভত অনুসন্ধান চলাইছে৷ আবেদনত যিটো ফোন নম্বৰ দিয়া হৈছে সেই ফোন নম্বৰত যোগাযোগ কৰি নিজৰ ছবি আৰু আধাৰ কার্ডসহ দেখা কৰিবলৈ কোৱা হৈছে৷ উল্লেখনীয় যে উত্তৰ প্রদেশত আৰক্ষীৰ নিয়োগ পৰীক্ষাত ভুৱা এডমিট কার্ডৰ বহু অভিযোগ পূর্বেও উঠিছিল৷ যোৱা দুদিনত ভুৱা এডমিট কার্ডৰ বাবে ১২০জনক গ্রেপ্তাৰ কৰা হৈছে৷ কিন্তু আটাইতকৈ বেছি নজৰ কাঢ়িছে ছানী লিঅ’নীৰ এডমিট কার্ডখনে৷ ইফালে, এই ঘটনাটোৱে আৰক্ষীকো লজ্জানত কৰিছে৷ কাৰণ আৰক্ষীক উপহাস কৰি এতিয়া দুষ্টচক্রই এনেদৰে ভুৱা এডমিট কার্ড প্রস্তুত কৰি ল’বলৈ সক্ষম হৈছে৷

You might also like