নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : ৰাজ্যত সম্প্ৰতি সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। চিৰাঙৰ বিজনীত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই দুজনকৈ সুদখোৰক আটক কৰে বিজনী আৰক্ষীয়ে। আটকাধীন সুদখোৰ দুজন পুৰণি বিজনীৰ বাহাৰুল আলম খান (৭৪) আৰু মৰ্তুজ আলী (৪৪)। দেওবাৰে নিশা বিজনী আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত আটক হয় সুদখোৰ দুজন। বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই আটক কৰে এই সুদখোৰ দুজনক।
প্ৰেৰক বৰ্ণালী তালুকদাৰ