নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ ফেব্ৰুৱাৰীত বি পি চলিহা কলেজলৈ বিশ্বৰ সৰ্বকনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অহা ২২ ফেব্ৰুৱাৰীত নগৰবেৰা বিমলাপ্ৰসাদ চলিহা মহাবিদ্যালয়ত উপস্থিত হ’ব বিশ্বৰ সৰ্বকনিষ্ঠ বংগমূলীয় আমেৰিকান অধ্যাপক সুবৰ্ণ আইজাক বাৰী। সৰ্বকনিষ্ঠ অধ্যাপক তথা ‘গ্লোবেল চাইল্ড প্ৰডিজি এৱাৰ্ড’ বিজয়ী অধ্যাপকগৰাকীৰ আগমনৰ প্ৰস্তুতি সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ কক্ষত আজি সংবাদ মেলৰ আয়োজন কৰা হয়। মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়া, অধ্যক্ষ ড° কমল চন্দ্ৰ পাঠক আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষৰ সমন্বয়ক অৰুণ কুমাৰ সৰকাৰে সংবাদ মেলখন সম্বোধন কৰে। ৯ বছৰীয়া অধ্যাপক সুৱৰ্ণ আইজাক বাৰীয়ে মহাবিদ্যালয়ত বিজ্ঞান, গণিত আৰু নিজৰ আশ্চৰ্যকৰ বুদ্ধিমত্তাৰে সকলোকে বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা দিব বুলিও সংবাদ মেলত উল্লেখ কৰে। উক্ত দিনত সমূহ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like