নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ পিতৃ-মাতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কর্মচাৰীসকললৈ দুদিনৰ বিশেষ ছুটী অনুমোদন কৰা হৈছে৷ ৬ আৰু ৮ নৱেম্বৰত ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলে এই বিশেষ ছুটী লাভ কৰিব৷ ৰাজ্যপালৰ অনুমোদন মর্মে চৰকাৰে পিতৃ-মাতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ ছুটী কর্মচাৰীসকললৈ মঞ্জুৰ কৰিছে৷ সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে এক নির্দেশনাৰ জৰিয়তে এই কথা সদৰী কৰিছে৷ নির্দেশনাটোত উল্লেখ কৰা অনুসৰি ৭ নৱেম্বৰত ষট্ পূজা, ৯ নৱেম্বৰত দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰৰ সৈতে ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলে ৬ আৰু ৮ নৱেম্বৰত বিশেষ ছুটী লাভ কৰিব৷ অর্থাৎ বিশেষ ছুটীসহ চৰকাৰী কর্মচাৰীসকলে ৬ৰ পৰা ১০ নৱেম্বৰলৈ পাঁচ দিন চৰকাৰী বন্ধ উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে পিতৃ-মাতৃৰ সৈতে কর্মচাৰীসকলে যাতে সময় কটাব পাৰে তাৰ বাবে পিতৃ-মাতৃ বন্দনা আঁচনি ঘোষণা কৰিছে৷ ২০২২ বর্ষত চৰকাৰে বিশেষ আঁচনিখন ঘোষণা কৰিছিল৷ ছুটীৰ সময়ছোৱাত কর্মচাৰীসকলে পিতৃ-মাতৃৰ লগত সময় কটাব লাগিব৷