নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : কামৰূপৰ নগৰবেৰাত আজি শ্ৰীশ্ৰী দেৱ দামোদৰ দেৱৰ ৫৩৬সংখ্যক আৱিৰ্ভাৱ তিথি উলহ-মালহেৰে উদযাপন কৰা হয় | সেইমৰ্মে পুৱাৰে পৰা দোকুচিস্থিত গুৰুৰ বিষ্ণুপুৰ সত্ৰত আঞ্চলিক দামোদৰ দেৱ সংঘৰ তৎপৰতাত ভাগৱত পাঠকে আদি কৰি বিভিন্ন মাংগলিক কাৰ্যসূচীৰ আয়োজন কৰা হয় | উৎসৱ উদযাপনৰ বাবে আঞ্চলিক সংঘৰ সভাপতি ইন্দ্ৰমোহন দাস আৰু সম্পাদক বিভূতি ঠাকুৰীয়া আদিৰ উপৰি ক্ৰমে মুকুন্দ ৰয়ক সভাপতি, গণেশ তালুকদাৰক সম্পাদক আৰু হৰিপ্ৰসাদ দাসক সহঃ সম্পাদক হিচাপে লৈ উৎসৱ উদযাপন সমিতি এখনো গঠন কৰা হয় | পুৱা প্ৰায় ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ সভাপতি উদয় শংকৰ মেধিয়ে। পৰৱৰ্তী সময়ত ভাগৱত স্থাপন, প্ৰসংগ, ভাগৱত পাঠ, প্ৰসাদ বিতৰণ, ধৰ্মালোচনা সভা, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় | আজিৰ এই কাৰ্যসূচীক কেন্দ্ৰ কৰি এক বিশেষ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় অঞ্চলজুৰি |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস