নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্ৰিয় টিভি অভিনেতা ঋতুৰাজ সিঙৰ দেহাৱসান

বিশেষ বাৰ্তা, ২০ ফেব্ৰুৱাৰী : জনপ্ৰিয় টেলিভিছন অভিনেতা ঋতুৰাজ সিঙৰ দেহাৱসান ঘটে। জানিব পৰা মতে সোমবাৰে মাজনিশা হাৰ্ট এটেকত আক্ৰান্ত হৈ অভিনেতাগৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৫৯ বছৰ। পৰিয়ালৰ সূত্ৰ অনুসৰি, অভিনেতাজন দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মূলতঃ তেওঁৰ পেনক্ৰিয়াচৰ সমস্যা ধৰা পৰিছিল। কেইবামাহো ধৰি চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। মঙলবাৰে পুৱা অভিনেতা ঋতুৰাজৰ মৃত্যুৰ বাতৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে তেওঁৰ বন্ধু অভিনেতা অমিত বেহেলে। অমিতৰ মতে, “ঋতুৰাজৰ হৃদৰোগত মৃত্যু হয়।” কিছুদিন পূৰ্বে অগ্নাশয়ৰ সমস্যাত ঋতুৰাজক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

You might also like