নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : অংগনৱাড়ী কর্মী-সহায়িকা, মিনি অংগনৱাড়ী কর্মীয়ে সংগঠিত ৰূপত দীর্ঘদিনৰ পৰা তেওঁলোকৰ ন্যায্য দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে যদিও আজি পর্যন্ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত ক্ষুব্ধ হৈ পৰিছে । আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৰ্মী-সহায়িকাসকলে এক প্ৰতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰে মানকাচৰত । দুই শতাধিক অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাই উত্তাল কৰি তোলে মানকাচৰৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয় । ২৩ ডিচেম্বৰ, ২০১৫ তাৰিখৰ পৰা অংগনৱাড়ী কর্মী-সহায়িকাৰ চাকৰি নিয়মীয়াকৰণ আৰু মাননিৰ সলনি মজুৰিৰ দাবীত এক প্রস্তাৱ প্ৰেৰণ কৰিছিল । সেই প্রস্তাৱ অসম চৰকাৰে আজি পর্যন্ত কার্যকৰী নকৰিলে । তদুপৰি অংগনৱাড়ী কর্মী-সহায়িকাৰ পদোন্নতিৰ ক্ষেত্ৰত এক গ্রহণযোগ্য গাইড লাইন প্ৰস্তুত কৰা হ’ব বুলি চৰকাৰে যি প্রতিশ্রুতি প্ৰদান কৰিছিল, সেয়াও আজি পর্যন্ত পালন নকৰিলে । বর্তমান সময়ত দিল্লীৰ অংগনৱাড়ী কর্মীক ১২,৭২০ টকা, সহায়িকাক ৬,৮১০ টকা, কেৰালাৰ কৰ্মীক ১২,০০০ টকা, সহায়িকাক ৮,০০০ টকা, তেলেংগানাৰ কৰ্মীক ১০,৫০০ টকা, সহায়িকাক ৬,০০০ টকা মাননি দিয়াৰ বিপৰীতে অসমৰ অংগনৱাড়ী কর্মীসকলে লাভ কৰি অহা মুঠ ৬,৫০০ টকা মাননিৰ কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ টকা আৰু ৰাজ্য চৰকাৰে কেৱল ২,০০০ টকা প্রদান কৰি আহিছে । সহায়িকাসকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ২,২৫০ টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে ১০০০ টকাহে মাননি হিচাপে প্রদান কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বৰ্তমান সময়ত প্রদান কৰি থকা এই নগণ্য পৰিমাণৰ মাননিৰ দ্বাৰা অংগনৱাড়ী কর্মী-সহায়িকাসকলে নিজৰ পৰিয়াল চলাবলৈ অসমৰ্থ হৈ পৰাত বিপদত পৰিছে কৰ্মী- সহায়িকাসকল । সেয়েহে অংগনৱাড়ী কর্মী-সহায়িকা সন্থাই তেওঁলোকৰ ন্যায্য দাবীসমূহ উত্থাপন কৰি সমস্যাসমূহ শীঘ্ৰে সমাধানৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আজি অসমৰ অন্যান্য ঠাইৰ লগতে মানকাচৰৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ চৌহদ ।
প্ৰেৰক ফাৰহাদ আহমেদ