নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ফেব্ৰুৱাৰীঃ মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। সোমবাৰে নিশা প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানা আৰু পানীখাইতী আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ছাত্ৰী তিনিগৰাকীক। মহানগৰীৰ গাতে লাগি থকা সোণাপুৰৰ কমলাজাৰীৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰী তিনিগৰাকীক। সম্প্ৰতি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে চলিত মাহৰ ১৭ তাৰিখৰ পৰা নিৰুদেশ হৈ আছিল বীৰকুছি, বোন্দা আৰু আমগাঁৱৰ তিনিগৰাকী স্কুলীয়া ছাত্ৰী। ছাত্ৰী তিনিগৰাকী বীৰকুছিস্থিত ৰঘুনাথ চৌধাৰী হিন্দী উচ্চ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। জানিব পৰা মতে ১৭ তাৰিখে কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি ওলাই গৈছিল তিনি কিশোৰী। সোমবাৰে নিশা এক মান বজাত সোণাপুৰৰ কমলাজাৰী অঞ্চলত উদ্ধাৰ কৰা হৈছে কিশোৰীকেইগৰাকীক। লগতে পৰিয়ালে অৱগত নহয় কোন মহিলাই কি উদ্দেশ্যে কিশোৰীকেইগৰাকীক আশ্ৰয় দিছিল সেই বিষয়ে। ইতিমধ্যেই আৰক্ষীয়ে প্ৰাগজ্যোতিষপুৰ থানাত জেৰা অব্যাহত ৰাখিছে আটক কৰা দুই যুৱক ক্ৰমে নয়নজ্যোতি দাস আৰু সুবল ৰহাঙক।
Prev Post
You might also like