নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : শেহতীয়াকৈ ৰাজ্যৰ প্ৰতিখন জিলা সামৰি ৰাজ্য চৰকাৰৰ মীন বিভাগৰ অধীনস্থ অসম মীন উন্নয়ন নিগমে সমগ্ৰ অসমজুৰি মীন বিভাগৰ অধীনস্থ মীন মহলৰ নিৰ্বাচিত পোন্ধৰগৰাকী লেচীক একোখনকৈ ড্ৰেগনেট জাল বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ অংশস্বৰূপে আজি আবেলি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মীনমহলৰ গৰাকীক ড্ৰেগনেট জাল বিতৰন সন্দৰ্ভত চক্ৰ বিষয়াৰ কোঠাত এখনি সভা অনুষ্ঠিত হয়।এই সভাত অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ্য নৱাৰুন মেধি, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া প্ৰীতম দাসৰ লগতে অসম মীন উন্নয়ন নিগমৰ বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে। সভাত ছমৰীয়া ৰাজহ চক্ৰ বিষয়া প্ৰীতম দাসে অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ্য নৱাৰুন মেধিক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ লগতে অসম মীন উন্নয়ন নিগমৰ তৰফৰ পৰাও উপাধ্যক্ষ্য নৱাৰুন মেধিয়ে ছমৰীয়া ৰাজহ চক্ৰ বিষয়া প্ৰীতম দাসক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে অসম মীন উন্নয়ন নিগমৰ দ্বাৰা ড্ৰেগনেট জাল পাবৰ বাবে নিৰ্বাচিত হোৱা বকোৰ জীয়াকলহী বিলৰ মীনমহলৰ গৰাকী ছতলাল বৰ্মনক অসম মীন উন্নয়ন নিগমৰ দলটোৱে ছমৰীয়া চক্ৰ বিষয়াৰ উপস্থিতিত এখন ড্ৰেগনেট জাল বিতৰণ কৰে। জাল বিতৰণ কৰি অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱাৰুন মেধিয়ে মীনমহলৰ গৰাকীক উদ্যেশ্যি ভাষন প্ৰসংগত কয় যে জীয়াকলহী বিল অসম মীন উন্নয়ন নিগমৰ অন্তৰ্গত এটি বিল।জীয়াকলহী বিলটোৰ মীন মহলৰ বাবে এই ড্ৰেগনেট জাল লেচী গৰাকীক মৎস্য পালনৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ অসম মীন উন্নয়ন নিগমৰ বিত্তীয় পূঁজিৰে সম্পূৰ্ন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।এইখন জাল তেওঁ কেতিয়াও বিক্ৰী কৰিব নোৱাৰিব। এই জাল বিক্ৰী কৰিলে তেওঁৰ বিভাগীয় আইনি ব্যৱস্থাৰ লগতে তেওঁ জেল হাজোতলৈ যাব লাগিব বুলি সকীয়াই দিয়ে।তেওঁ লগতে কয় যে মই আজি এনেদৰে অনুসূচিত জাতিৰ লোকৰ মীনমহলৰ গৰাকীক জাল বিতৰন কৰিবলৈ পাই সুখ অনুভৱ কৰিছো।
প্ৰেৰক প্ৰীতম বায়ন