নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ Professional Grazing Reserve আৰু Village Grazing Reserve, PGR/VGR ভূমিত বসবাস কৰি থকা পৰিয়ালসমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে শীঘ্ৰে উচ্ছেদ অভিযান আৰম্ভ কৰিব। আজি ডিফুত তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদখনৰ নেতৃত্বই দুয়োখন পাৰ্বত্য জিলাৰ সকলো ৰাজনৈতিক দল- ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ নেতৃত্বৰ সৈতে তিনি ঘণ্টা জোৰা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কেৱল বিশেষ এটা সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, PGR-VGR ভূমিত থকা সকলো জাতি-জনগোষ্ঠীৰ লোককে উচ্ছেদ কৰা হ’ব বুলিও মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে PGR-VGR এলেকাত নিয়োগ কৰা চৰকাৰী গাঁওবুঢ়াসকলৰ মৰ্যাদা কৰ্তন কৰিবলৈ পৰিষদে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে। আনহাতে PGR/VGR ভূমিত আইনগতভাৱে উচ্ছেদৰ প্ৰক্ৰিয়া কাইলৈৰ পৰাই আৰম্ভ হ’ব বুলিও চি ই এম এ সংবাদ মাধ্যমৰ আগত সদৰি কৰে। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম ৰাজহ চক্ৰৰ অন্তৰ্গত হাৱাইপুৰ মৌজাৰ অধীনত ১৯৮৩টা পৰিয়ালৰ ৯৮৬৫জন লোকে PGR-VRG ভূমিত বসবাস কৰি আছে। ইয়াৰ বিপৰীতে কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজহ চক্ৰৰ অধীনত ১০৩টা পৰিয়ালে উল্লেখিত ভূমি দখল সাব্যস্ত কৰি বসবাস কৰি আছে। আজি অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদী সংগঠনসমূহৰ নেতৃত্বই কোনো বিশেষ জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে এই প্ৰতিবাদ নহয় বুলি উল্লেখ কৰে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ