নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফলঙত পিআইবিৰ বার্তালাপ–মিডিয়া কর্মশালা

বিশেষ বাৰ্তা, ২১ ফেব্রুৱাৰী : প্রেছ ইনফর্মেচন ব্যুৰ’, গুৱাহাটীয়ে কালি দিনজোৰা কার্যসূচীৰে ডিমা হাছাওৰ হাফলঙত বার্তালাপ–মিডিয়া কর্মশালা অনুষ্ঠিত কৰে৷ হাফলং আৱর্ত ভৱনত আয়োজিত কর্মশালাখনত সন্মানীয় বিশেষজ্ঞ, সাংবাদিক আৰু চৰকাৰী বিষয়াসকলে গুৰুত্বপূর্ণ বিষয়সমূহত আলোচনা কৰে৷ পিআইবিৰ মিডিয়া আৰু কমিউনিকেচন বিষয়া স্মিতা শইকীয়াই আদৰণী ভাষণেৰে অংশগ্রহণকাৰীসকলক প্রেছ ইনফর্মেচন ব্যুৰ’ৰ উদ্দেশ্যৰাজি আৰু ইয়াৰ কাম–কাজৰ লগতে পৰৱর্তী কার্যবিধি সন্দর্ভত সদৰী কৰে৷ ডিমা হাছাওৰ সহকাৰী আয়ুক্ত আৰু ভাৰপ্রাপ্ত জিলা নির্বাচনী বিষয়া বিপ্লৱ পুৰকায়স্থই নির্বাচন সম্পর্কীয় অত্যাৱশ্যকীয় ব্যৱস্থাসমূহৰ সম্পর্কে আলোকপাত কৰাৰ লগতে পৰৱর্তী নির্বাচনী পৰিৱেশত সাংবাদিকসকলক দায়বদ্ধভাৱে আগবাঢ়িবলৈ আহ্বান জনায়৷ সাংবাদিক পার্থ গোস্বামীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্য প্রদানেৰে সাংবাদিকতাৰ ক্ষেত্রত নৈতিকতাৰ গুৰুত্ব আৰু নির্বাচনৰ সময়ত সংবাদ মাধ্যমৰ লোকসকলে অনুসৰণ কৰিবলগীয়া নীতি–নিয়ম সম্পর্কে ব্যক্ত কৰে৷ জনমত গঢ়াৰ ক্ষেত্রত সাংবাদিকসকলৰ দায়িত্ব সন্দর্ভত গুৰুত্ব আৰোপেৰে সাধাৰণ লোকৰ সুবিধার্থে সুশাসনৰ ক্ষেত্রত সংবাদ মাধ্যমৰ ভূমিকা সম্পর্কে বিশদভাৱে উল্লেখ কৰে গোস্বামীয়ে৷ কর্মশালাখনত জিলা ক্রীড়া বিষয়া জাগিৰ খানৰ নেতৃত্বত আলোচনা অনুষ্ঠিত হয়৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ উত্তৰ–পূব মণ্ডলৰ আঞ্চলিক সমল কেন্দ্রৰ জ্যেষ্ঠ পৰামর্শদাতা ডাঃ পংকজ থমাছে ভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিত সাংবাদিকসকলে কেনেদৰে সহায় কৰিব পাৰে আৰু স্বাস্থ্যজনিত সমস্যা সম্পর্কীয় সঠিক তথ্যৰে জনসাধাৰণক উপকৃত কৰিব পাৰে সেই সম্পর্কে কয়৷

You might also like