নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙিত ড্ৰাগছসহ পুনৰ দুই সৰবৰাহকাৰী আটক

🔹 ড্ৰাগছ ব্যৱসায়ীৰ তথ্য দিব পৰাকৈ ফোন নম্বৰ ঘোষণাৰ আহ্বান
নিয়মীয়া বাৰ্তা,  ২১ ফেব্ৰুৱাৰী : মৰঙিৰ লুৰুকিহাট আৰু ঢুলীয়া গাঁৱৰ অবৈধ ড্ৰাগছ ব্যৱসায়ী চক্ৰই মৰঙিক সমগ্ৰ অসমৰে অবৈধ ড্ৰাগছ ব্যৱসায়ৰ অভিকেন্দ্ৰত পৰিণত কৰা বুলি উত্থাপিত অভিযোগক সত্য প্ৰতিপন্ন কৰি মৰঙিত কালি সন্ধিয়া পুনৰ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী৷ গোলাঘাট আৰক্ষীৰ এক গোপন অভিযানত মৰঙিৰ ঢুলীয়া গাঁৱৰ দিগন্ত বৰা আৰু নাচিক আলী অবৈধ ড্ৰাগছসহ হাতে-লোটে ধৰা পৰে৷  জানিব পৰা মতে, দুই ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ী ড্ৰাগছসহ এ এছ-০৫ টি-১৭৭৬ নম্বৰৰ পঞ্জীয়নভুক্ত মটৰচাইকেলেৰে ডিমাপুৰৰ দিশৰ পৰা আহি আছিল৷ গোপন সূত্ৰে পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে মৰঙিৰ ৰঙাজানত দুয়োটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে কুখ্যাত নাচিক আলীক ড্ৰাগছ ব্যৱসায় সন্দৰ্ভত পূৰ্বেও আৰক্ষীয়ে বহুবাৰ আটক কৰিছিল যদিও সি জেলৰ পৰা ওলাই আহিয়েই পুনৰ ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰে৷ ইফালে, কুখ্যাত দিগন্ত বৰাক আগতেও আৰক্ষীয়ে ড্ৰাগছ সন্দৰ্ভত বিচাৰি ফুৰিছিল যদিও কোনো ৰহস্যজনক কাৰণত দুদিনমান পলাই থাকিয়েই সি কোনো কোনো পক্ষক মেনেজ কৰি পুনৰ ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল৷ অন্যহাতে, সন্ধিয়া দিগন্ত বৰা আৰু নাচিক আলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছতে দিগন্তৰ ককায়েক বুবু বৰাই নিশা দহমান বজাত মটৰ চাইকেলৰ চাইলেঞ্চাৰ খুলি বিকট শব্দ সৃষ্টি কৰি গোটেই অঞ্চলটোতে এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰে৷ গাঁৱৰ ৰাইজৰ সৈতেও কুখ্যাত দিগন্তৰ ককায়েক বুবু তৰ্কাতৰ্কিত লিপ্ত হয় বুলিও ৰাইজে অভিযোগ কৰিছে৷ অন্যহাতে, অঞ্চলটোত দিনে দিনে ড্ৰাগছৰে জড়িত ঘটনা বৃদ্ধি পাই অহাত চিন্তা ব্যক্ত কৰিছে মৰঙিৰ সচেতন ৰাইজে৷ বহুতো লোকে জনায় যে মাজে মাজে ড্ৰাগছৰ ব্যৱসায়ী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’লেও আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবেই কম দিনতে ড্ৰাগছ ব্যৱসায়ীয়ে জামিন লাভ কৰে৷ সেয়ে আৰক্ষীৰ ওপৰতো ৰাইজৰ আস্থা হেৰাইছে৷ মৰঙিৰ ড্ৰাগছৰ সাম্ৰাজ্যখনৰ বিষয়ে জানিলেও বহু লোকে ভয়তে কথাবোৰ ব্যক্ত কৰিবলৈ নিবিচাৰে৷ সেয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে৷ মৰঙিৰ ৰাইজে কয় যে ৰাইজে পোনপটীয়াকৈ ড্ৰাগছ ব্যৱসায়ীৰ তথ্য দিব পৰাকৈ এটা ফোন নম্বৰ ঘোষণা কৰিব লাগে আৰু আৰক্ষীৰ হাতত আটক হোৱা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ আইনৰ ধাৰা প্ৰয়োগ কৰি দীৰ্ঘদিনৰ বাবে জেলত ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ নহ’লে মৰঙিৰ পৰাই অসমৰ বহু প্ৰজন্মৰ ধ্বংসৰ বাট মুকলি হৈ পৰিব বুলি মত প্ৰকাশ কৰিছে মৰঙিৰ সচেতন সমাজে৷
প্ৰেৰক অৰ্ণৱ শইকীয়া
You might also like