নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বিজেপিৰ প্রার্থী তালিকা চূড়ান্ত, দিল্লীয়ে মাৰিব মোহৰ

🔹 সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই মুখ্যমন্ত্রীৰ ঘোষণা
🔹 আজি ৰাষ্ট্রীয় নেতৃত্বৰে ড০ শর্মা–ভৱেশ কলিতাৰ প্রথমলানি আলোচনা

বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : লোকসভা নির্বাচনক লৈ প্রস্তুতি সম্পূর্ণ কৰি তোলা ৰাজ্যিক বিজেপিয়ে প্রায় চূড়ান্ত কৰিলে প্রার্থীৰ তালিকা৷ সমষ্টি ভিত্তিত নিয়োগ কৰা নিৰীক্ষকে ইতিমধ্যে প্রস্তুত কৰি দিয়া ৰাজ্যৰ ১২খন আসনৰ তালিকা লৈ আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ আজি দিল্লীত প্রার্থী তালিকা সন্দর্ভত হ’ব প্রথমলানি আলোচনা৷ কালি মাজুলীত এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ মুখ্যমন্ত্রীৰ এই ঘোষণাৰ পাছতে ৰাজ্যিক বিজেপিত ক্রমাৎ বৃদ্ধি পাইছে উৎকণ্ঠা৷ কোন সমষ্টিত কোনে প্রার্থিত্ব পাব, কোন প্রার্থিত্বৰ পৰা বঞ্চিত হ’ব, তাক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চর্চা৷ উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টি অগপলৈ আৰু কোকৰাঝাৰ সমষ্টি ইউপিপিএললৈ এৰি ১২টা সমষ্টিৰ বাবে বিজেপিয়ে প্রার্থী ইতিমধ্যে প্রায় চূড়ান্ত কৰিছে৷ ইয়াৰ বাবে ৰাজ্যিক বিজেপিয়ে ১২জন আহ্বায়ক আৰু ১২জন সহঃ আহ্বায়কক লৈ প্রতিটো সমষ্টিৰ বাবে গঠন কৰিছিল একোখন বিশেষ কমিটী৷ মঙলবাৰৰ দিনটোত প্রতিটো সমষ্টিৰ পর্যবেক্ষণ সামৰি কমিটীসমূহে প্রার্থী তালিকা বাজপেয়ী ভৱনত জমা দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মায়ো এই সন্দর্ভত স্পষ্ট কৰি দিছে যে এটা দিনতে পর্যবেক্ষকে প্রার্থী তালিকা প্রস্তুত কৰি বাজপেয়ী ভৱনত জমা দিব৷ কোনো যাতে লবী সৃষ্টি কৰিব নোৱাৰে, সেই লক্ষ্যৰে এটা দিনতে প্রার্থীৰ নাম চূড়ান্ত কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কালি ইয়াকো উল্লেখ কৰে যে একোটা সমষ্টিৰ বাবে বহুকেইজন প্রার্থীৰ নাম লোৱা হোৱা নাই৷ মন কৰিবলগীয়া যে প্রতিটো সমষ্টিতে প্রার্থীৰ নাম চূড়ান্ত কৰাৰ ক্ষেত্রত আহ্বায়ক–সহঃ আহ্বায়কে স্থানীয় বিধায়ক, জিলা বিষয়ববীয়া, মর্চাৰ জিলা সভাপতি–সম্পাদক, জিলা কর্ণধাৰ কমিটী, মণ্ডল কমিটীৰ সভাপতি, আৰএছএছৰ বিচাৰ পৰিবাৰৰো মতামত লৈছে৷ জানিব পৰা মতে, প্রতিটো সমষ্টিৰ বাবে দুজন প্রার্থীৰ নাম পর্যবেক্ষকে প্রতিবেদন আকাৰত ৰাজ্যিক বিজেপিক দাখিল কৰিছে৷ সেই অনুসৰি প্রস্তুত হোৱা তালিকাত দুজন মন্ত্রী, কেইবাজনো বিধায়কৰ নাম অন্তর্ভুক্ত হৈছে৷ সম্পূর্ণ গোপনীয়তাৰে ৰাজ্যিক বিজেপিয়ে প্রস্তুত কৰা এই তালিকা আজি দিল্লীত ৰাষ্ট্রীয় নেতৃত্বৰ হাতত তুলি দিব মুখ্যমন্ত্রী ড০ শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই৷ কার্যতঃ দিল্লীতে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই চূড়ান্ত মোহৰ মাৰিব অসমৰ প্রার্থী তালিকাত৷ এনে গোপনীয়তাৰ পাছতো পুনৰ দিল্লীলৈ নির্বাচিত হৈ যোৱাৰ সুযোগ ল’বলৈ কালি বাজপেয়ী ভৱনত ভিৰ কৰিলে কেইবাজনো সাংসদে৷ আকৌ কৰিমগঞ্জ অথবা শিলচৰ সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰিছে কৃপানাথ মাল্লাই৷ একেদৰে শিলচৰ সমষ্টিৰ বাবে এইবাৰ প্রাৰ্থিত্ব বিচাৰিছে দলৰ অনুসূচিত জনজাতি মর্চাৰ সভানেত্রী মুন স্বর্ণকাৰে৷ আনহাতে, তেজপুৰ সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰিছে ঋতুবৰণ শর্মা, গুৱাহাটীৰ পৰা প্রার্থিত্ব বিচাৰিছে জয়ন্ত দাস, উমি ডেকা, বিজুলী কলিতা মেধি, আঙুৰলতা ডেকা, সুনীতা চাংকাকতি, বেদব্রত পাঠককে ধৰি কেইবাজনেও৷ এইসকলে কালি ৰাজ্যিক নেতৃত্বক সাক্ষাৎ কৰি নিজৰ প্রার্থিত্বৰ বাবে মৌখিক আবেদন জনায়৷ কার্যতঃ প্রার্থিত্ব বিচাৰি কালি বাজপেয়ী ভৱনত দেখা গ’ল ব্যাপক ভিৰ৷ ইফালে, ৰাজ্যিক বিজেপিয়ে প্রস্তুত কৰা প্রার্থীৰ তালিকাত এইবাৰ শিলচৰ সমষ্টিৰ বাবে কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যৰ নামো উচ্চাৰিত হৈছে৷ কিয়নো শিলচৰ সমষ্টি এইবাৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থকা হেতুকে বর্তমানৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ নাই৷ এনে অৱস্থাত পৰিমল শুক্লবৈদ্যৰ নাম উচ্চাৰিত হৈছে যদিও মন্ত্রিত্ব এৰি লোকসভালৈ যোৱাৰ ইচ্ছা কৰা নাই শুক্লবৈদ্যই৷ এনে অৱস্থাত আজি নতুন দিল্লীত চূড়ান্ত হ’বলগীয়া প্রার্থী তালিকাক লৈ ৰাজ্যিক বিজেপিত ক্রমাৎ বাঢ়িছে প্রার্থিত্বপ্রত্যাশীৰ উৎকণ্ঠা৷ এনে উৎকণ্ঠাৰ মাজতে কালি মাজুলীত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– বিজেপিয়ে ১১খন আসন জিকাটো নিশ্চিত৷ ১২নং আসনৰ বাবে আমাৰ যুঁজ অব্যাহত থাকিব৷ এইবাৰ নির্বাচনত কংগ্রেছৰ কোনো স্থান নাই বুলিও মুখ্যমন্ত্রীয়ে পুনৰ বিৰোধী দলটোক কটাক্ষ কৰি কয়– কংগ্রেছৰ কাম আমি কৰি আছোঁ৷ ভাল কাম কৰি থকাৰ বাবে ৰাইজে আমাক পুনৰ আঁকোৱালি ল’ব৷

You might also like