নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

🔹 নিৰ্মীয়মাণ উৰণ সেতুৰ পকী অংশই দুফাল কৰিলে নিৰীহৰ দেহ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : উৰণ সেতুৰ তলেৰে যাওঁতে সাৱধান! উৰণ সেতুৰ পকী অংশ খহি পৰাৰ ফলত জীৱন হেৰুৱালে এজনে। বাইহাটা চাৰিআলিত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাই সকলোকে জোকাৰি যায়। নিৰ্মীয়মাণ উৰণ সেতুৰ পকী অংশ সহি এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ওপৰৰ পৰা সহি পৰা পকী অংশই লোকজনৰ শৰীৰ দুফাল কৰি পেলায়। উৰণ সেতু নিৰ্মাণ সংস্থাৰ হেমাহিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে ক্ষোভ উজাৰে। মৰ্মান্তিক দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকজন ৰঙিয়াৰ ফুলচান্দ আলী বুলি জনা গৈছে। বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ফুলচান্দ আলীৰ অকাল বিয়োগে সকলোকে শোকত ম্ৰিয়মাণ কৰি তুলিছে। উৰণ সেতু নিৰ্মাণ সংস্থাৰ কৰ্মকৰ্তাসকল বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰক লক্ষী ডেকা

You might also like