নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৰালিতো নৱাগত শিমলীতোলাত খহনীয়াৰ তাণ্ডৱ : ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : এক ভীতিবিহ্বল পৰিৱেশ নৈপৰীয়া গঞাৰ মাজত। বিঘাই বিঘাই মাটি খহাই নিলে নৈখনে। শেহতীয়াকৈ নৈ পাৰৰ পথটিলৈও ভাবুকি আহিছে | যিকোনো মুহূৰ্ততে জাহ যোৱাৰ উপক্ৰম এটা পথ। চৰকাৰ-বিধায়কলৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ |গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা সমষ্টিৰ নৱাগত শিমলীতোলা সুতাৰপাৰা ফুলনৈপাৰা অঞ্চলত বাৰিষাৰ সমান্তৰালকৈ খৰালিতো অব্যাহত আছে জলজলী নৈৰ খহনীয়াৰ তাণ্ডৱ | সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ লগতে চৰকাৰলৈ সংশ্লিষ্ট অঞ্চলৰ ৰাইজে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে | আনহাতে, বিধায়কগৰাকীয়ে একেৰাহে দুটাকৈ কাৰ্যকাল বিধায়ক হৈ থকা সত্ত্বেও আজিকোপতি অঞ্চলটোত এবাৰো উপস্থিত নোহোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই | ফুলনৈপাৰা অঞ্চলত জলজলী নৈৰ খহনীয়া শীঘ্ৰে ৰোধ কৰিব নোৱাৰিলে অচিৰেই গাঁওখনৰ অস্তিত্বলৈও তীব্ৰ ভাবুকি নামি আহিব | জোঁৰ পুৰি হাত পোৱাৰ পূৰ্বে চৰকাৰ তথা বিধায়কে কিবা এটা নকৰিলে আগলৈ অঞ্চলটোৰ মানচিত্ৰ সলনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like