বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ আদালতে প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী জয়া প্ৰদাক ‘পলাতক’ ঘোষণাৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত জয়াৰ বিৰুদ্ধে দাখিল কৰা গোচৰ দুটাৰ পৰিপ্ৰেক্ষিতত ৰামপুৰৰ এখন আদালতে এই নিৰ্দেশ দিয়ে। ন্যায়াধীশে তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চৰ ভিতৰত আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত জয়া প্ৰদাৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ফলত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা দুটা গোচৰত আদালতত হাজিৰ হ’বলৈ বাৰে বাৰে চমন পঠিয়াইছিল যদিও তেওঁ এবাৰো হাজিৰ হোৱা নাছিল। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৭বাৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল যদিও আদালতত হাজিৰ কৰাব পৰা নাছিল অভিনেত্ৰীগৰাকীক। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশ শোভিত বনছালে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জয়াক ‘পলাতক’ ঘোষণা কৰে। তদুপৰি ৰামপুৰৰ আৰক্ষী অধীক্ষকক এটা দল গঠনৰ নিৰ্দেশ দিয়ে। সেই দলটোৱে জয়াক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ মাৰ্চত আদালতত হাজিৰ কৰাব লাগিব।