🔹 মুকেশ আম্বানিৰ পুত্রৰ প্রাকবিবাহ অনুষ্ঠানৰ প্রস্তুতি তুংগত
বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটত বিবাহপাশত আবদ্ধ হ’ব দেশৰ প্রথম স্থানত থকা ধনকুবেৰ মুকেশ আম্বানিৰ কনিষ্ঠ পুত্র৷ ইতিমধ্যে আমন্ত্রিত অতিথিক আপ্যায়নৰ বাবে বিশেষ প্রস্তুতি চলোৱা হৈছে৷ শুনিবলৈ পোৱা গৈছে যে প্রধানমন্ত্রীৰ পছন্দৰ খাদ্যৰে আপ্যায়ন কৰা হ’ব আমন্ত্রিত অতিথিসকলক৷ ইন্দোৰৰ চাট, কচুৰী, জেলেপি খাই ভাল পায় প্রধানমন্ত্রীয়ে৷ কেতিয়াবা কেতিয়াবা প্রধানমন্ত্রীৰ মুখত প্রশংসা শুনা যায় মধ্যপ্রদেশৰ পথৰ দাঁতিৰ এই সমস্ত খাদ্যৰ৷ তিনিদিনীয়া অনুষ্ঠানত গুজৰাটত উপস্থিত হ’ব দেশ–বিদেশৰ ৰথী–মহাৰথীসকল৷ এই অতিথিসকলকো প্রধানমন্ত্রীৰ পছন্দৰ খাদ্যৰে আপ্যায়িত কৰা হ’ব৷ ইতিমধ্যে ইন্দোৰৰ পৰা ৰান্ধনী ঠিক কৰিছে আম্বানিৰ পৰিয়ালে৷ ইন্দোৰৰ জার্ডিয়ানছ হোটেলৰ ২১জন চেফক দায়িত্ব প্রদান কৰা হৈছে ৰন্ধনৰ৷ হোটেলখনৰ সঞ্চালক প্রবীণ শর্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, তিনিদিনীয়া অনুষ্ঠানত ১২ প্রকাৰৰ মেন্যু প্রস্তুত কৰা হ’ব৷ সেই মেন্যুত থাকিব আঢ়ৈ হাজাৰ বিভিন্ন প্রকাৰৰ খাদ্য৷ ইন্দোৰৰ পৰা বিশুদ্ধ মচলা লৈ ইতিমধ্যে বিশেষজ্ঞ ৰান্ধনী উপস্থিত হৈছে গুজৰাটত৷ ইন্দোৰৰ কচুৰীৰ পৰা আৰম্ভ কৰি ভুট্টেকা কীছ, খোপ্ৰা পেটিছ, উপমা, চিৰাৰ পোলাও, কুল্ফি আদি বিভিন্ন খাদ্য থাকিব এই মেন্যুবোৰত৷ উল্লেখনীয় যে গুজৰাটৰ জামনগৰত আগন্তুক ১ মার্চৰ পৰা ৩ মার্চলৈ মুকেশ আম্বানিৰ পুত্র অনন্ত আম্বানি আৰু তেওঁৰ বাগ্দত্তা ৰাধিকা মার্চেণ্টৰ প্রাকবিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷