নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খনি দুর্নীতিৰ গোচৰত অখিলেশ যাদৱলৈ চিবিআইৰ চমন জাৰি

বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : অবৈধ বালি খনন সংক্রান্তীয় গোচৰত এইবাৰ উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী তথা সমাজবাদী পার্টীৰ মুৰব্বী অখিলেশ যাদৱলৈ চমন পঠালে চিবিআয়ে৷ ফৌজদাৰী দণ্ডবিধিৰ ১৬০ ধাৰাত কাইলৈ চিবিআইৰ কার্যালয়ত অখিলেশক সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ খনি কেলেংকাৰিৰ গোচৰত সমাজবাদী পার্টীৰ মুৰব্বীগৰাকীক চিবিআয়ে তলব কৰাৰ পাছত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে লোকসভা নির্বাচনত উত্তৰ প্রদেশত কংগ্রেছৰ সৈতে সমাজবাদী পার্টিৰ আসন বুজাবুজি হৈছে যোৱা সপ্তাহত৷ ইয়াৰ পাছতেই কেন্দ্রীয় সংস্থা চিবিআয়ে অখিলেশলৈ চমন প্রেৰণ কৰাৰ লগে লগে বিষয়টোক বিভিন্ন মহলে ৰাজনৈতিক প্রতিহিংসামূলক বুলি আখ্যা দিছে৷ অৱশ্যে অভিযুক্ত হিচাপে নহয়, সাক্ষী হিচাপেহে অখিলেশ যাদৱক জবানবন্দী দিবলৈ চিবিআয়ে তলব কৰা বুলি উল্লেখ কৰিছে৷

You might also like