নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রথম হাইড্র’জেন ইন্ধন পৰিচালিত জাহাজ মুকলি প্রধানমন্ত্রীৰ

🔹 এক ভাৰত শ্রেষ্ঠ ভাৰত

🔹 তামিলনাডুত ১৭০০০ কোটি টকাৰ আন্তঃগাঁথনি প্রকল্পৰ আধাৰশিলা–উদ্বোধন

বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : দক্ষিণ জয়ৰ অভিযান প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ সমাগত লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়েই দক্ষিণৰ ৰাজ্য ভ্রমণ কৰাৰ লগতে আন্তঃগাঁথনি প্রকল্পৰ আধাৰশিলা আৰু মুকলি অনুষ্ঠানত অংশ লৈ আছে প্রধানমন্ত্রী মোদীয়ে৷ এক ভাৰত শ্রেষ্ঠ ভাৰতৰ শ্ল’গানেৰে প্রধানমন্ত্রী মোদীয়ে দক্ষিণৰ ৰাজ্য তামিলনাডুত আজি ১৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ আন্তঃগাঁথনি প্রকল্পৰ আধাৰশিলাৰ লগতে আনুষ্ঠানিকভাৱে মুকলি কৰে৷ তামিলনাডুৰ টুতিকৰিণৰ ভি অ’ চিদাম্বৰনাৰ বন্দৰত ১৭ হাজাৰতকৈ অধিক কোটিটকীয়া ৩৫টা আন্তঃগাঁথনি প্রকল্পৰ আধাৰশিলা আৰু আনুষ্ঠানিকভাৱে মুকলি কৰে প্রধানমন্ত্রী মোদীয়ে৷ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয় আৰু ৰে’লৱেই আয়োজন কৰা এই আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে এই প্রকল্পই দেশৰ বিকাশক অধিক আগবঢ়াই নিব বুলি মন্তব্য কৰে৷ এক ভাৰত শ্রেষ্ঠ ভাৰতৰ উদ্যমক এনে অভিযানে অধিক গতিশীল কৰি তোলে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ বিশাল সমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– এখন উন্নত দেশৰ ৰূপৰেখাৰ কাৰণে এই প্রকল্পবোৰ অতি গুৰুত্বপূর্ণ৷ এক কথাত ক’ব লাগিলে ই হৈছে এক ভাৰত শ্রেষ্ঠ ভাৰতৰ উদ্যম৷ লক্ষণীয় যে প্রধানমন্ত্রী মোদীয়ে ক’চিন শ্বিপয়ার্ড লিমিটেডত দেশীয়ভাৱে নির্মিত দেশৰ প্রথম হাইড্র’জেন ইন্ধনচালিত জাহাজ এখনো মুকলি কৰে৷ প্রধানমন্ত্রীৰ এই অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালো উপস্থিত থাকে৷

You might also like