নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শালমাৰা-মানকাচৰৰ ২২ সহস্ৰাধিক কৃষকলৈ PM-KISHANৰ ধন

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : কালি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ য়াভাতমালত আয়োজিত জনসভাৰ পৰাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত ১৬নং কিস্তিৰ ধনৰাশি প্ৰদান কৰে। মহাৰাষ্ট্ৰৰ য়াভাতমালত আয়োজিত জনসভাৰ প্ৰধানমন্ত্ৰী মোদীৰ কিস্তি প্ৰদান অনুষ্ঠান কালি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষি বিষয়া কাৰ্য্যালয়ৰ প্ৰাংগণত ৱেবকাষ্টযোগে জিলাখনৰ কৃষক ৰাইজৰ মাজত প্ৰদৰ্শন কৰা হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ২২ সহস্ৰাধিক যোগ্য কৃষকে PM-KISHAN আঁচনিৰ অধীনত ১৬নং কিস্তিৰ ধনৰাশি লাভ কৰে। উক্ত ধনৰাশি লাভ কৰি উৎফুল্লিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষক ৰাইজ ।উক্ত ৱেৱকাষ্ট অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া ৰুষ্টম আলী, মহকুমা কৃষি বিষয়া মাইনুল হক, কৃষি উন্নয়ন বিষয়া মিঠু গগৈ, মিডিয়া বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মা, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে শতাধিক কৃষক ।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like