নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত অসমত বিজেপি ১১, অগপ ২, ইউপিপিএলে যুঁজিব এখন আসনত

সংবাদ মেলত ঘোষণা ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উপস্থিত অতুল বৰা-ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ ফেব্ৰুৱাৰীঃ আজি গুৱাহাটীত বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এখন সংবাদ মেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত সংবাদ মেলত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতা। সংবাদ মেলতেই লোকসভা নিৰ্বাচনৰ আসন বিতৰণ সন্দৰ্ভত ঘোষণা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে লোকসভা-২০২৪ত বৰপেটা-ধুবুৰী অগপলৈ এৰি দিয়াৰ বিপৰীতে কোকৰাঝাৰ ইউপিপিএললৈ এৰি দিয়া হব। আনহাতে বাকী ১১ সমষ্টিত প্ৰতিদ্বন্দ্বিতা বিজেপিয়ে কৰিব। বাকী সমষ্টিকেইটাত বিজেপিয়ে একক প্ৰতিদ্বন্বিতা কৰাৰ লগতে মিত্ৰদলে সহযোগ কৰিব। বাকী সমষ্টিকেইটা হল গুৱাহাটী, নগাঁও, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, দৰং-ওদালগুৰি, শোণিতপুৰ, ডিফু, শিলচৰ, কৰিমগঞ্জ।

You might also like