নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্রাসংগিকতা নাই : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ ‘কা’ৰ বিৰুদ্ধে একাংশ দল–সংগঠনে আন্দোলন কৰাৰ হুংকাৰ দিয়াৰ প্রসংগত মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি গুৱাহাটীত ড০ শর্মাই কয় যে ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্রাসংগিকতা নাই৷ ‘কা’ এতিয়া দেশৰ সংসদে গৃহীত কৰা এখন আইন৷ লোকসভা, ৰাজ্যসভাত সেই আইন গৃহীত হৈছে৷ এতিয়া কোনো আন্দোলনে সেই আইনখন পৰিৱর্তন কৰিব নোৱাৰে৷ ‘কা’ আইন পৰিৱর্তন বিচাৰিলে উচ্চতম ন্যায়ালয়লৈ যাব পাৰে৷ ‘কা’ এতিয়া ভাৰতৰ আইনৰ কিতাপ৷ এয়াই বাস্তৱ৷ এই বাস্তৱ দুবছৰ আগতে হৈ গ’ল৷ যিসকলে মনে–প্রাণে ‘কা’ক বেয়া পায়, তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ যাব পাৰে৷ অৱশ্যে যিসকলে নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাব খোজে, তেওঁলোকে আন্দোলন কৰিব পাৰে৷ কিন্তু আন্দোলন কৰি ‘কা’ৰ পৰিৱর্তন সাধিব নোৱাৰে৷ লোকসভা আৰু ৰাজ্যসভাত গণতান্ত্রিকভাৱে ‘কা’ গৃহীত হৈ আইনত পৰিণত হৈছে৷ সেয়ে ‘কা’ৰ বিৰোধিতাৰে অসমৰ মাটিত আন্দোলন কৰাৰ প্রাসংগিকতা নাই৷

You might also like