অসমত ১২ সমষ্টিত এনডিএৰ প্রার্থীৰ বিজয় নিশ্চিত : প্রমোদ বড়ো
ষ্টাফ ৰিপ’ৰ্টাৰ, কোকৰাঝাৰ, ১ মাৰ্চঃ পুনৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্র মোদীক প্রধানমন্ত্রী ৰূপে অধিষ্ঠিত কৰাৰ সংকল্পৰে ইতিমধ্যে আত্মবিশ্বাসেৰে লোকসভা নির্বাচনৰ প্রার্থীৰ তালিকা যুগুত কৰাত নামি পৰিছে বিজেপি দল৷ কেন্দ্র আৰু ৰাজ্যত চৰকাৰ চলাই থকা বিজেপি দলৰ মিত্রদল প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ শাসকীয় ইউপিপিএল দলো লোকসভা নির্বাচনৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ কোকৰাঝাৰত সাংবাদিকৰ আগত বিটিআৰপ্রধান তথা ইউপিপিএল দলৰ সভাপতি প্রমোদ বড়োৱে কয় যে আমাৰ দলে এনডিএৰ অংশীদাৰ হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত প্রার্থীৰ নাম ঘোষণা কৰিব৷ প্রার্থী ঘোষণা কৰাৰ বাবে মাথোঁ কেৱল আনুষ্ঠানিকতাখিনিহে বাকী আছেগৈ৷ দুই–এদিনৰ ভিতৰতে প্রার্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্রমোদ বড়োৱে৷ বডোৱে সদৰী কৰা মতে, এইবাৰৰ নির্বাচন এনডিএৰ বাবে ভাল বছৰ৷ এনডিএই বহু ভাল ফলাফল প্রদর্শন কৰিব৷ অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ১২টাত জয়ী হোৱাটো নিশ্চিত৷ মাথোঁ দুটা সমষ্টি অলপ ইফাল-সিফাল হ’ব পাৰে বুলি কয় প্রমোদ বড়োৱে৷ আনহাতে, ইউপিপিএল দলৰ বাবে প্রার্থীৰ পেনেল-চেনেল বনাব লাগে বুলি আমি ভবা নাই বুলি ব্যক্তি কৰি বডোৱে যিজন সৌভাগ্যৱান সেইজনেই কোকৰাঝাৰ লোকসভা সমষ্টিত প্রার্থিত্ব লাভ কৰিব বুলি কয়৷ সেই সৌভাগ্যৱান প্রার্থীগৰাকীও বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী কৰিছে প্রমোদ বড়োৱে৷ ইপিনে, ১নং কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিত এনডিএ সমর্থিত প্রার্থী পাঁচ লক্ষাধিক ভোটৰ ব্যৱধানত বৃহৎ বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰিছে ইউপিপিএল দলৰ প্রতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ কেবিনেট মন্ত্রী ইউ জি ব্রহ্মই৷ কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয় ইউপিপিএলৰ ওপৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আশীর্বাদ আছে৷ প্রার্থীক লৈ আমাৰ বিশেষ চিন্তা কৰিবলগীয়া নাই৷ আমাৰ যোগ্য প্রার্থী অছে৷– এইবুলি কয় মন্ত্রী ইউ জি ব্রহ্মই৷ কোকৰাঝাৰত ইউপিপিএল দলে এনডিএৰ হৈ প্রতিদ্বন্দ্বিতা কৰিব আৰু দৰং–ওদালগুৰি সমষ্টিক বিজেপিক এৰি দিয়াটোৱেই আমাৰ বাবে মংগল বুলিও ব্যক্ত কৰে মন্ত্রী ব্রহ্মই৷ আনহাতে, কোকৰাঝাৰৰ বর্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ভাবি–চিন্তি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো ভাল বুলি মন্তব্য কৰি হাগ্রামা মহিলাৰীৰ বিপিএফ দলে ২০২৫ৰ বিটিচি নির্বাচনৰ প্রতি লক্ষ্য কৰিহে ৰাইজৰ মাজত নিজৰ স্থিতি শক্তিশালী বুলি দেখুৱাব বিচাৰিছে বুলি কয় মন্ত্রী ইউজি ব্রহ্মই৷ ঠিক তেনেদৰে কংগ্রেছ দলক সঠিকভাৱে নেতৃত্ব দিব নোৱাৰিলে ৰাষ্ট্রীয় দল কংগ্রেছৰ অস্তিত্ব নোহোৱা হৈ যাব বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে মন্ত্রী ইউ জি ব্রহ্মই৷
প্ৰেৰক শুকুৰ আকন্দ