বগুৱান থানাত দালালৰ দপদপনি : ডিজিপিক ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগীৰ
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১ মাৰ্চঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ আৰক্ষী থানাসমুহ দালালমুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহন কৰাৰ সময়তে পশ্চিম গোৱালপাৰাৰ বগুৱান থানাত দালালৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে আইনৰ সহায় বিচাৰি যোৱা ভুক্তভোগী লোকসকল। ইতিমধ্যে বগুৱান থানাত চলি থকা অৰাজকতা সন্দৰ্ভত ভুক্তভোগী লোকে স্বয়ং অসম আৰক্ষী সঞ্চালকপ্ৰধানৰ ওচৰত অভিযোগ দাখিল কৰিছে বুলি এক সূত্ৰত প্ৰকাশ। প্ৰাপ্ত অভিযোগ অনুসৰি, বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল চান্দে থানাখনত একাংশ দালাল নিয়োগ কৰি সকলো কাম কাজ কৰি আহিছে। তদুপৰি ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশ মৰ্মে থানাৰ ভিতৰত আৰক্ষীয়ে এজাহাৰ লিখাটো বাধ্যতামূলক যদিও বগুৱান থানাত দালালৰ জড়িয়তে এজাহাৰ লিখাৰ লগতে এখন এজাহাৰ লিখাৰ বাবদ ৩০০ৰ পৰা ৪০০কৈ টকা দিবলগীয়া হৈছে। ইপিনে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল চান্দক গোচৰ সংক্ৰান্তীয় বিষয় লৈ কথা পাতিবলগীয়া হলে ভুক্তভুগীয়ে প্ৰথমে দালালৰ লগত কথা পাতিব লগাতো যেন নিয়মত পৰিনত হৈছে। তদুপৰি থানাৰ সকলো কামকাজ থানা চৌহদত থকা আৱাসিক গৃহৰ পৰাই সমাপন কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীৰ দুব্যৱহাৰে অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক৷ নিজকে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ অতি ঘনিষ্ঠ বুলি পৰিচয় দি থানাত আইনৰ সহায় বিচাৰি অহা ভুক্তভোগী লোকৰ মাজত সন্ত্ৰাস চলাই অহাৰ অভিযোগ এই গৰাকী বিতৰ্কত আৰক্ষী বিষয়াৰ। জিলাখনৰ অতি গুৰুত্বপূৰ্ণ এখন থানাত বিতৰ্কিত আৰক্ষী বিষয়া উৎপল চান্দৰ হাতত দ্বায়িত্ব দিয়া কাৰ্যক লৈ জিলা আৰক্ষীৰ শীৰ্ষ মহলক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। ইতিমধ্যে বিতৰ্কিত আৰক্ষী বিষয়া উৎপল চান্দৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ বাবে অসম আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত দাবী জনাইছে বৃহত্তৰ বগুৱান অঞ্চলৰ ৰাইজে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা