টেঙাখাতত ককায়েকক দাৰে ঘপিয়াই হত্যা ভাতৃৰ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ টেঙাখাত থানাৰ অন্তৰ্গত উইল্টন গ্ৰান্টত কালি নিশা ভায়েকে ককায়েকক দাৰে ঘপিয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ জানিব পৰা মতে উইল্টন গ্ৰান্টৰ ধীৰেন কৰ্মকাৰ (২৩) নামৰ যুৱকজনে ককায়েক বীৰেন কৰ্মকাৰক (২৯) দাৰে ডিঙিত ঘপিওৱাৰ ফলত ককায়েকৰ থিতাতে মৃত্যু ঘটে৷ নিশা কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীয়ে ঘটনাটো গম পাই টেঙাখাত থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বীৰেন কৰ্মকাৰক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী ধীৰেন কৰ্মকাৰক আটক কৰে ৷ আৰক্ষীয়ে জনোৱা মতে ব্যক্তিগত সংঘাতৰ ফলতে ঘটনাটো সংঘটিত হয় ৷ টেঙাখাত থানাত ১৬/২৪ নম্বৰত এটা গোচৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি অভিযুক্ত ধীৰেন কৰ্মকাৰক আজি ডিব্ৰুগড়ৰ জিলা কাৰাগাৰালৈ প্ৰেৰণ কৰে৷ আনফালে বীৰেন কৰ্মকাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
প্ৰেৰক দীপক গগৈ