কলাক্ষেত্ৰত পশুপালন বিভাগত ক্ষেত্ৰ সহায়কক নিযুক্তিপত্ৰ প্ৰদান অতুল বৰাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ অসমত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপ বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে। এই পদক্ষেপৰ অংশ হিচাপে আজি পশুপালন আৰু পশু চিকিৎসা বিভাগত ৩৬৫জন প্ৰশিক্ষণপ্ৰাপ্ত ক্ষেত্ৰ সহায়কক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ লগে লগে আজিৰ তাৰিখত ৰাজ্যখনত মুঠ নিযুক্তিৰ সংখ্যা হ’লগৈ ৯৭,০৫৩গৰাকী। মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি সমাৰোহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই নতুনকৈ নিযুক্তিপ্ৰাপ্ত ৩৬৫জন পশু চিকিৎসা ক্ষেত্ৰ সহায়কক নিযুক্তিপত্ৰ প্ৰদান কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ক্ষেত্ৰ সহায়কসকলক নিজ নিজ কৰ্মক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে শিক্ষিত যুৱক-যুৱতীসকলক পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে উৎসাহ যোগোৱাৰ কথা দোহাৰে। যাতে অনাগত দিনত আমাৰ ৰাজ্যখন গাখীৰ, কণী আৰু মাংসৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ দিশে আগবাঢ়ি যাব পাৰে। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিবদ্বয় অভিজিত বৰুৱা আৰু অনিল দেউৰী, সঞ্চালক জাৱীৰ ৰাহুল সুৰেশ, খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শইকীয়া আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে নিযুক্তি লাভ কৰা ক্ষেত্ৰ সহায়কসকলৰ অভিভাৱকসকল উপস্থিত থাকে।