ধুবুৰী সমষ্টি অগপক এৰি দিয়াক লৈ ধুবুৰী বিজেপিত হতাশা
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত শাসকীয় মিত্ৰজোঁটৰ অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিষয়টো স্পষ্ট হৈ পিছৰে পৰা বিজেপিৰ ধুবুৰীস্থিত নিৰ্বাচনী কাৰ্যালয়ত এক নিমাওমাও পৰিৱেশ বিৰাজ কৰা দেখা গৈছে। দৰাচলতে এইবাৰৰ লোকসভা সমষ্টিত ধুবুৰীত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব বুলি আশা কৰিছিল বিজেপিৰ জিলা পৰ্যায়ৰ বহু তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু সমৰ্থকে। কিন্তু দিঠকত গৈ সেই আশা পূৰণ নোহোৱাত তেওঁলোকৰ মনত সৃষ্টি হৈছে হতাশাৰ। তাৰেই পৰিপ্ৰেক্ষিতত লোকসভা সমষ্টিটোৰ বহু অঞ্চলতেই সাংগঠনিকভাবে অতি দুৰ্বল স্থিতিত থকা অগপৰ প্ৰাৰ্থীগৰাকীক বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু সমৰ্থকসকলে কিমান আন্তৰিকতাৰে আদৰি লয় সেয়া লক্ষণীয় হ’ব বুলিয়েই মত স্থানীয় ৰাজনৈতিক বিশ্লেষক মহলৰ। উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত এআইইউডিএফ বদৰুদ্দিন আজমলে ৭,১৮,৭৬৪টা ভোট পাই বিজয় লাভ কৰিছিল। আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৪,৯২,৫০৬টা ভোট পাই দ্বিতীয় স্থানত থমকি ৰবলগীয়া হোৱাৰ বিপৰীতে শাসকীয় মিত্ৰজোঁটৰ অগপৰ জাভেদ ইছলামে পাইছিল ৩,৯৯,৭৩৩ টা ভোট। আনহাত, ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলে ৫,৯২,৫৬৯ ভোট পাই বিজয়ী হৈছিল। সেইবেলিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীয়ে ৩,৬২,৮৩৯টা ভোট পোৱাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী ডাঃ দেৱময় সান্ন্যালে পাইছিল ২,৯৮,৯৮৫টা ভোট। আনহাতে অগপৰ প্ৰাৰ্থী আনোৱাৰ হুছেইনে লাভ কৰিছিল মাথোঁ ৯,৮৯৭টা ভোট।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী