নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ হেকৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষকক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ কামৰূপৰ ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ হেকৰা প্ৰাথমিক বিদ্যালয়ত সুদীৰ্ঘ ৩৬ বছৰে শিক্ষকতা কৰি চাকৰি জীৱনৰ পৰা অৱসৰ পোৱা কৃতী শিক্ষক কন্দৰ্প ঠাকুৰীয়াক আজি বিদ্যালয় প্ৰাঙ্গণত আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হয়। জিলা পৰ্যায়ত কৃতী শিক্ষক হিচাপে চৰকাৰী স্বীকৃতি লাভ কৰা অৱসৰী শিক্ষকগৰাকীলৈ বিদ্যালয় পৰিচালনা সমিতি, বিভিন্ন দল-সংগঠনৰ লগতে সংশ্লিষ্ট অঞ্চলৰ ৰাইজে উষ্ম সম্বৰ্ধনা জনায়।স্মৰ্ত্তব্য যে শিক্ষক হিচাপে তেওঁ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ মাজত অতিকে প্ৰিয়ভাজন আৰু সময়ানুৱৰ্তী আছিল, শিক্ষা বিভাগে ২০১৭ বৰ্ষৰ পৰা আয়োজন কৰা গুণোৎসৱত শিক্ষানুষ্ঠান খনে প্ৰতিবাৰেই এ গ্ৰেড’ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁৰ শৈক্ষিক তৎপৰতাৰ বাবেই। জীৱনৰ ৩৬টা বছৰে শিক্ষকতা বৃত্তিত নিয়োজিত হৈ শত-সহস্ৰ ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদৰূপে গঢ় দিবলৈ সক্ষম হয় তেওঁ। হেকৰা প্ৰথামিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক অঞ্চলবাসী সৰ্বস্তৰৰ ৰাইজৰ মাজতো যথেষ্ট পূজ্য আৰু শ্ৰদ্ধাৰ ব্যক্তি। আজি বিদ্যালয়খনত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসহ শিক্ষকৰ উপৰি ১৮খনকৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীও উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানত তেওঁক শৰাই, চেলেং চাদৰ, গামোচা, কিতাপৰ টোপোলা, কলমেৰে বিপুল সম্বৰ্ধনা জনোৱা হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like