নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভূমিপূজন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ ৰাজ্যৰ সর্বাংগীণ উন্নয়নৰ অবিৰত প্রয়াসেৰে সূচনা হোৱা বিকাশ যাত্রাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কৰিমগঞ্জত ৮৮১ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও প্রকল্প উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰে৷ মুখ্যমন্ত্রীয়ে ৫৭৮ কোটি টকা ব্যয় সাপেক্ষে ১১৫ বিঘা ভূমি সামৰি আৰ কে নগৰত কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় নির্মাণৰ বাবে আয়োজিত ভূমিপূজন অনুষ্ঠানত অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রীয়ে ১৪৪.২৯ কোটি টকা ব্যয় সাপেক্ষে ২৭টা পথ প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ২৯.২৮  কিঃমি দৈর্ঘ্যৰ ৯৩.৪২ কোটি টকা ব্যয়ৰে নির্মাণ হবলগীয়া আন এক পথ প্রকল্পৰ ভূমিপূজনতো অংশগ্রহণ কৰে৷ আনহাতে মুখ্যমন্ত্রীয়ে  ৪৬খন গাঁৱক উপকৃত কৰিব পৰাকৈ ৪৬.৭৫ কোটি টকা ব্যয় সাপেক্ষে নির্মিত ৩১টা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলযোগে পানী যোগান প্রকল্পৰ শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে লগতে ৬.১০ কোটি টকা ব্যয় সাপেক্ষে দুটা জলসিঞ্চন প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি ৯.৯০ কোটি টকা ব্যয়ৰে জলসিঞ্চন বিভাগৰ আন এক প্রকল্পৰ শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে মৈত্রী আঁচনিৰ অধীনত ২.৭৭ কোটি টকা ব্যয় সাপেক্ষে পুনৰনির্মাণ কৰি উলিওৱা আৰক্ষী থানাও উদ্বোধন কৰে৷ এই উপলক্ষে কৰিমগঞ্জত আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ১৯৬৮ চনত বৰাক উপত্যকাত প্রথমবাৰৰ বাবে  শিলচৰ মেডিকেল কলেজৰ কাম আৰম্ভ হৈছিল৷ যোৱা ৫৫ বছৰত কোনো নতুনকৈ চিকিৎসা মহাবিদ্যালয় নির্মাণ হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে চাৰি বছৰৰ ভিতৰত কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূর্ণ হৈ উঠিব৷ তেওঁ লগতে কয় যে অহা বছৰ পাথাৰকান্দিত অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ নির্মাণ কৰা হব৷ কৰিমগঞ্জৰ উন্নয়নৰ বাবে প্রতিটো দলে এঠাইত ঠিয় হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ প্রতিটো ৰাজনৈতিক দল, প্রতিটো ধর্ম–সম্প্রদায়ে একগোট হৈ কাম কৰিলে অসম শ্রেষ্ঠ ৰাজ্যত পৰিণত হব৷ কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৰিছিল বুলি তেওঁ দোহাৰে৷  কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বাবে কৰিবলগীয়া বহু কাম আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰে হাফলং হৈ গুৱাহাটীলৈ যোৱাৰ পথ যোগাযোগ ব্যৱস্থা সুগম কৰাৰ কাম অব্যাহত আছে৷ বিকাশৰ গতি তৰান্বিত কৰিবলৈ হাতত হাত ধৰি সকলোৱে আগুৱাই যাব লাগিব বুলিও তেওঁ কয়৷ বর্তমানৰ ৰাজ্য চৰকাৰৰ দিনত বিকাশে এক নতুন উচ্চতা লাভ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি অনুসৰি ৯৭ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি  প্রদান কৰা হৈছে৷ চাকৰিৰ নামত দালালৰাজ ব্যৱস্থা সম্পূর্ণৰূপে নোহোৱা কৰা হৈছে৷ এতিয়া ৩৫ হাজাৰ নতুন চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে অৰুণোদয়  আঁাঁচনিৰ অধীনত ২৭ লাখ লোকক সামৰি লৈছে আৰু এইবাৰ পুনৰ  তিনি লাখ লোকক অৰুণোদয়ৰ জৰিয়তে সামৰি লোৱা হব৷ তেওঁ লগতে কয় যে ৪২ লাখ লোকক নতুনকৈ ৰেচন কার্ড দিয়া হৈছে৷ যোৱা দুই বছৰত ১৬ লাখ লোকে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰিবলৈ সমর্থ হৈছে৷ যিসকলে গৃহ লাভ কৰা নাই তেওঁলোকৰ বাবে জিড্রেকিং পুনৰ মুকলি কৰি দিয়া হব বুলিও তেওঁ কয়৷ যোৱা দুবছৰত যিমান কাম হৈছে পূর্বতে হোৱা নাছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰেচন কার্ড থকা সকলো পৰিয়ালক অৰুণোদয়ৰ জৰিয়তে সামৰি লোৱা হব৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে চাহ শ্রমিক স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত চাহ বাগানৰ ৰোগীসকলৰ যাতায়াতৰ বাবে বিদ্যানগৰ, ইচাবিল, লংলাই আৰু এলোবাৱাৰী চাহ বাগানৰ পৰিচালকসকলৰ হাতত একোখনকৈ এম্বুলেঞ্চৰ চাবি প্রদান কৰে৷ অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, সাংসদ কৃপানাথ মাল্লা, ডাঃ ৰাজদ্বীপ ৰয়, পল্লৱলোচন দাস, বিধায়ক বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, কমলাক্ষ দে পুৰকায়স্থ, চিদ্দিক আহমেদ, ৰামকৃষ্ণ নগৰ পৌৰসভাৰ সভানেত্রী প্রতিমা নাথ, এ এছ টি চিৰ অধ্যক্ষ মিছনৰঞ্জন দাস, জিলা বিজেপিৰ সভাপতি সুব্রত ভট্টাচার্য্য, জিলা আয়ুক্ত মৃদুল যাদৱ প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
You might also like