ঢকুৱাখনাত TECHNOGYM এপছৰ মায়াজালত সৰ্বস্বান্ত বহু লোক
নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : সাৱধান! সহজলভ্য ধনৰ আশাত ভুৱা এপৰ জালত ভৰি নিদিব।সহজে ধন ঘটাৰ লোভত পৰি ঢকুৱাখনাৰ বহুলোকে হেৰুৱালে কষ্টোপাৰ্জিত ধন।কম সময়ত অধিক লাভৰ আশাত বন্দী শ শ লোকৰ মূৰত ৰামটোঙোন সোধাই প্ৰৱঞ্চকে লৈ গ’ল কোটি-কোটি টকা ৷ ‘TECHNOGYM’ নামৰ এটা অনলাইন এপত হাজাৰ হাজাৰ টকা বিনিয়োগ কৰি এনিশাৰ ভিতৰতে সৰ্বস্বান্ত হ’ল এইসকল লোক।প্ৰৱঞ্চনাৰ বলি হোৱা লোকৰ সূচীত ৰিক্সাৱালা, ঠেলাৱালা, শ্ৰমিক, ব্যৱসায়ীৰ পৰা আছে অভিযন্তা, সাংবাদিক আৰু শিক্ষকতাৰ বৃত্তিত জড়িত বিভিন্ন উচ্চ পদবীধাৰী লোকলৈকে। উল্লেখ্য যে সহজে ধন লাভৰ আশাত আৰু বিভিন্ন প্ৰলোভনৰ কৱলত পৰি ৰাজ্যৰ লগতে ঢকুৱাখনাৰ বহু লোকে নিজৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰিছিল ‘TECHNOGYM’ নামৰ অনলাইন এপটোত। প্ৰথমে ম’বাইল প্লে’ ষ্ট’ৰৰ পৰা ‘TECHNOGYM’ নামৰ এপটো ডাউনলোড কৰিবলৈ কোৱা হৈছিল তেওঁলোকক ৷ তাৰ পিচত ম’বাইল নম্বৰযোগে লাভ কৰা অ’ টি পিসহ পঞ্জীয়ন কৰি ৬৫০ ৰ পৰা ১লাখ ৪৪ হাজাৰ টকা পৰ্যন্ত জমা কৰিবলৈ দিয়া হৈছিল। বিনিয়োগৰ বিভিন্ন প্লেন গ্ৰাহকৰ মাজত মুকলি কৰি দুই তিনিগুন পৰ্যন্ত গ্ৰাহকক প্ৰতিদিনে ধন উভটাই দি প্ৰথমে গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ‘TECHNOGYM’।প্ৰথম অৱস্থাত দৈনিক টকা উপাৰ্জন হোৱাত লোকসকলে অধিক উপাৰ্জনৰ লোভত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল। কিন্তু যোৱা ২৭ফেব্ৰুৱাৰীৰ পৰা বিনিয়োগ কৰা লোকসকলৰ দৈনিক উপাৰ্জিত ধন ব্যক্তিগত বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ পিছতো উপাৰ্জিত ধন বেংক একাউন্টত নোসোমাল আৰু অৱশেষত যোৱা ২৮ ফেব্ৰুৱাৰীৰ বিয়লিৰ পৰা এপছটো চিষ্টেমৰ পৰা ডিলিট হৈ যায়। ফলত আনৰ পৰা টকা ধাৰ কৰিও উক্ত এপছত বিনিয়োগ কৰি এতিয়া ধন হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে শ শ লোক।ইফালে প্ৰৱঞ্চনাৰ জালখনৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ঢকুৱাখনাৰ তিনি যুৱক পৰমা দুৱৰা,ৰঞ্জন শইকীয়া আৰু অজিত দুৱৰাৰ বিৰুদ্ধে।এই তিনি প্ৰৱঞ্চকেই প্ৰথমতে TECHNOGYM নামৰ ভুৱা এপৰ জৰিয়তে এদিনতে ডাবল টকাৰ দিয়াৰ সপোন দেখুৱাইছিল সাধাৰণ ৰাইজক।ঢকুৱাখনাৰ কাঠৰবাৰীত এখন দোকান ঘৰ ভাড়ালৈ লৈ TECHNOGYMৰ নামত সম্পূৰ্ণ অবৈধভাৱে কাৰ্যালয় খুলি প্ৰৱঞ্চনাৰ জাল পেলাই নানা ছলাহী কথাৰে হাজাৰ হাজাৰ লোকৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা। আৰু শেষত ধন লুণ্ঠন কৰি পলাতক তিনিও প্ৰৱঞ্চক।নিশাটোৰ ভিতৰতে বন্ধ হ’ল ঢকুৱাখনাৰ কাঠৰবাৰীস্থিত TECHNOGYM এপৰ কাৰ্যালয়।জানিব পৰা মতে এই এপছটোত ঢকুৱাখনাৰ দিন হাজিৰা কৰি খোৱাজনৰ পৰা চৰকাৰী চাকৰিয়ালৈ। ঠিকাদাৰৰ পৰা শিক্ষক, অধ্যাপক,সাংবাদিক, অভিযন্তালৈকে এদিনতে ডাবল পইচাৰ আশাত ধন বিনিয়োগ কৰিছিল যদিও এতিয়া উক্ত উচ্চ শিক্ষিত বিনিয়োগকাৰীসকলে ধন হেৰুৱাৰ দুখ বুকুতে ৰাখি মুখলজ্জাৰ ভয়ত মুখ খুলিব বিচৰা নাই। ইফালে ঢকুৱাখনাৰ পৰাই আনুমানিক ৫০ কোটিতকৈ অধিক টকা উক্ত এপছটোৱে লুটি নিয়া বুলি জানিব পৰা গৈছে।
প্ৰেৰক পুলকজ্যোতি বৰা