নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত অবৈধ প্ৰেমিকাক গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ কালি পুৱতি নিশা লাহোৱাল থানাৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰংপুৰীয়া গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ প্ৰাপ্ত খৱৰ অনুসৰি নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই নামৰূপৰ পৰা আহি ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰংপুৰীয়া গাঁও নিৱাসী বিপুল গগৈৰ ঘৰত নিশা ২ বজাত প্ৰৱেশ কৰি প্ৰথমে বিপুল গগৈৰ পত্নী বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ মহিলাগৰাকীলৈ গুলী নিক্ষেপ কৰাৰ পাছত ছাৰ্ভিচ পিষ্টলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক নিশাই চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষী বিষয়াজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে৷ আৰক্ষী বিষয়া এজনৰ এনে কৰ্মকাণ্ডই এতিয়া আৰক্ষী বিভাগটোত এক জোকাৰণি সৃষ্টি কৰাৰ লগতে অঞ্চটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে৷ আজি পুৱাৰে পৰা শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে ফৰেনছিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে৷ স্থানীয় এক সূত্ৰই সদৰী কৰা অনুসৰি আৰক্ষী বিষয়া অনুপম গোৱালাই পূৰ্বতে লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল৷ তেতিয়াৰ পৰাই আৰক্ষী বিষয়াজনে বিবাহিত মহিলাগৰাকীৰ স’তে অবৈধ প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি আহিছিল বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে আজি পুৱতিনিশা সংঘটিত ঘটনাৰ পূৰ্বে অৰ্থা কালি আৰক্ষী বিষয়াজনে ফেচবুকত এক পোষ্ট দিছিল “কপালৰ দুখবোৰ ধুই দিব পৰা হ’লে” এই পোষ্টটোৰ পৰা আৰক্ষী বিষয়াজনে কালি হয়তো অত্যধিক মানসিক চাপত আছিল যাৰ পৰিণতিত এনে এটা কাণ্ড সংঘটিত কৰিব পাৰে বুলিও আন একাংশ লোকে সন্দেহ ব্যক্ত কৰিছে৷ ইফালে ঘটনাৰ পিছতে শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ তদন্তত হে হয়তো এয়া আত্মহত্যা নে আন কিবা সঠিককৈ পোহৰলৈ আহিব।

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like